Thursday , December 12 2019
শেহতীয়া খবৰ
Home / সাহিত্য / লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” “ৰক্তৰাগ” উন্মোচন

লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” “ৰক্তৰাগ” উন্মোচন

 

ষ্টাফৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰ ; লেখিকা গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” ৰক্তৰাগ” দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। সমাজৰ বাস্তৱ ঘটনা, সাম্প্ৰতিক সময়ৰ সমস্যা,আৰু আন 6কিছুমান এৰাব নোৱাৰা স্পৰ্শকাতৰ দিশক সামৰি ৰচিত হোৱা এই উপন্যাস খন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক ফণীদ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। উন্মোচনী ভাষণত তেওঁ কয়”-মই এই উপন্যাসখন খন একে বহাতে পঢ়ি শেষ কৰিছোঁ।এই উপন্যাসখন দুৰ্গা পূজাৰ কথাৰে আৰম্ভ হৈছে। উপন্যাসৰ খনৰ প্ৰত্যেকটো পৃষ্ঠাই বহুতো কথা কৈ যায়। এনেধৰণৰ বিস্ফোৰক কিতাপ ইমান শালীনতা ভাষাত মই আগতে কোনোদিনেই পঢ়া নাই। লেখিকাই এক শাৰীতে বহু কথা বুজাব পাৰে, লেখিকাৰ ভাষাৰ জ্ঞান কিমান উচ্চ খাপৰ ইয়াতেই প্ৰমাণ পায়। এনে উপন্যাস সকলোৱে পঢ়াটো মই উচিত বুলি ভাবো”। উডীয়মান শিল্পী শ্ৰেয়া কাশ্যপৰ ভায়লিন বাদনেৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে নম্ৰতা শৰ্মাই।আদৰণি ভাষণ আগবঢ়াই প্ৰকাশক তথা জেষ্ঠ সাহিত্যিক নবীন বৰুৱাই। সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সংগীত শিল্পী, বিশিষ্ট লেখক তথা চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে লেখিকা, গল্পকাৰ মনালিছা শইকীয়া। আজিৰ সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে চিকিৎসক ডাঃ ৰুবী কটকী, বিশিষ্ট সাহিত্যিক, গল্পকাৰ ৰিজু হাজৰিকা, সাংবাদিক মনমৰমী মহন্ত, আভিজিৎ শর্মাৰ লগতে কেইবাজনো গন্য মান্য ব্যক্তি। সভাত শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়িকা তথা সাংবাদিক দর্শনা বৰুৱাই।

About Staff Reporter

চাব পাৰে

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন …

Leave a Reply

Your email address will not be published. Required fields are marked *