Monday , November 19 2018
শেহতীয়া খবৰ
Home / Politics / লোকপিয়লৰ তথ্যই অবৈধ বাংলাদেশীৰ উপস্থিতিৰ ভয়াবহতা প্ৰমান কৰিলে । : অগপ

লোকপিয়লৰ তথ্যই অবৈধ বাংলাদেশীৰ উপস্থিতিৰ ভয়াবহতা প্ৰমান কৰিলে । : অগপ

“লোকপিয়লৰ তথ্যই অবৈধ বাংলাদেশীৰ উপস্থিতিৰ ভয়াবহতা প্ৰমান কৰিলে । : অগপ

গুৱাহাটী ২৯জুন : লোকপিয়ল কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্যই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ কিদৰে ভাবুকিৰ সৃষ্টি কৰিছে সেয়া পুনৰ বাৰ প্ৰতিপন্ন কৰিলে বুলি আজি অগপ দলে মন্তৱ্য কৰাৰ লগতে অসমীয়া আৰু বড়ো ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বান যে অবৈধ বাংলাদেশীৰ ভয়াবহ অগ্ৰাসনৰ কাৰনে হৈছে সেয়া প্ৰমানিত কৰিলে বুলি কয় । এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলে কয় যে যি শংকা আৰু সংশয়ৰ মাজেৰে অসমৰ খিলঞ্জীয়া লোকসকলে দিন কটাবলগীয়া হৈছে লোকপিয়লৰ তথ্যই সেয়া প্ৰমানিত কৰিলে । অসম গণ পৰিষদ দলে অসমৰ অস্তিত্বৰ প্ৰতি আৰু ভাষাৰ প্ৰতি অহা এই প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি দলে যিকোনো মূল্যৰ বিনিময়ত অসমৰ ভাষা সংস্কৃতি সুৰক্ষাৰ বাবে আপোচহীন ভাবে পদক্ষেপ গ্ৰহণ কৰি যাব ।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *