Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / Uncategorized / লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত বিহালীৰ বৰগাঙত নাগৰিক অভিৱৰ্তনৰ প্ৰস্তুষ্টি

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত বিহালীৰ বৰগাঙত নাগৰিক অভিৱৰ্তনৰ প্ৰস্তুষ্টি

——————————————-

আব্দুল বাৰেক ;বিশ্বনাথ চাৰিআলি ;২৭ মাৰ্চ =
অহা ৪ এপ্ৰিলত বৰগাঙত অনুষ্ঠিত হ’ব “অসম বচাওক, ভাৰত বচাওক, গণতন্ত্ৰ বচাওক” শীৰ্ষক নাগৰিক অভিৱৰ্তন | আজি বৰগাঙৰ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কাৰ্যালয়ত বিশ্বনাথ, বিহালী,গহপুৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ কেইবাটাও সংগঠনৰ নাগৰিকসকল মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে । বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ধনেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিহপুৰীয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ আহ্বায়ক প্ৰদীপ নেওগ, লাচিত সেনাৰ আহ্বায়ক মাধুৰ্য গন্ধীয়া ফুকন, গহপুৰৰ আদিবাসী ছাত্ৰ সন্থাৰ নেতা অভিজিত চোৰেন , বিহালীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা টুলটুল দাস,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৈশাকু ৰয়,সাংবাদিক প্ৰনীতা ৰায়ভূঞা,আইছাৰ জ্যোতিপ্ৰকাশ বৰা, বিশ্বনাথ চাৰিআলিৰ শ্ৰমিক নেতা হলধৰ নাথকে ধৰি ভালেকেইগৰাকী নাগৰিকে অংশগ্ৰহণ কৰে ।সংগ্ৰামী শ্ৰমিক নেতা বিবেক দাসে সভাৰ উদেশ্য ব্যাখ্যা কৰি কয় যে বিজেপি চৰকাৰখনে দেশৰ সংবিধান,গণতন্ত্ৰ,সংৰক্ষণ নীতি,অসমৰ জাতি মাটি ভেটি, ভাষা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিছে আৰু সেয়ে আগন্তুক লোকসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে ।অভিজিত চোৰেণে কয় যে বিজেপি চৰকাৰখনে চাহ শ্ৰমিকৰ ৩৫১.৩৩টকা মজুৰিৰ ক্ষেত্ৰত চৰম বিশ্বাসঘাতকতা কৰিলে আৰু বিনামূলীয়া চাউলেৰে চাহ শ্ৰমিকসকলক আভুৱা ভাৰিবলৈ বিচাৰিছে ।সেইদৰে মাধুৰ্য গন্ধীয়া ফুকনে কয় যে অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিবই বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ ৰাইজৰ বাবে সমাগত লোকসভা নিৰ্বাচন জীৱন-মৰণ স্বৰূপ হৈ পৰিছে । সভাই ৬০ জনতকৈ অধিক লোকক আহ্বায়ক হিচাপে লৈ ৪ এপ্ৰিলত বৃহস্পতিবাৰে বৰগাঙত “অসম বচাওক, ভাৰত বচাওক,গণতন্ত্ৰ বচাওক” শীৰ্ষক নাগৰিক অভিৱৰ্তন আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে | সভাই অভিজিত চোৰেণ, প্ৰদীপ নেওগ,প্ৰনীতা ৰায়ভূঞা,ধনেশৰ বৰা আৰু বিবেক দাসক মুখ্য আহবায়ক হিচাপে লৈ নাগৰিক অভিবৰ্তন সফল কৰি তোলাৰ বাবে এখন আহবায়ক সমিতি গঠন কৰি দিয়ে ।

About Staff Reporter

চাব পাৰে

বহি:ৰাজ্যলৈ কৰ্মসংস্হাপনৰ প্ৰলোভনেৰে কিশোৰী নিয়াৰ অপপ্ৰচেষ্টা ,আটক -২

বহি:ৰাজ্যলৈ কৰ্মসংস্হাপনৰ প্ৰলোভনেৰে কিশোৰী নিয়াৰ অপপ্ৰচেষ্টা ,আটক -২। উৰিয়ামঘাট : ধনশিৰি মহকুমাৰ উৰিয়ামঘাট গেলাজান গাৱৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *