Sunday , February 23 2020
Home / আঞ্চলিক / শংকৰ আজানৰ নাম একাংশই ৰবৰেৰে মচি দিব বিছাৰিছে”:-মনজিৎ মহন্ত

শংকৰ আজানৰ নাম একাংশই ৰবৰেৰে মচি দিব বিছাৰিছে”:-মনজিৎ মহন্ত

বিশ্বনাথত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মনজিত মহন্ত

অসম চৰকাৰক তুলা ধুনা বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী মনজিৎ মহন্তৰ
“শংকৰ আজানৰ নাম একাংশই ৰবৰেৰে মচি দিব বিছাৰিছে”:-মনজিৎ মহন্ত

আব্দুল বাৰেক , বিশ্বনাথ চাৰিআলি ,২৯ এপ্ৰিল: – শংকৰ আজানৰ দেশ অসমক লৈ অসমীয়া জাতিয়ে বহু চিঞৰিছে যদিও শংকৰ আজানৰ নাম একাংশই ৰবৰেৰে মচি দিব বিছাৰিছে* ” এই মন্তব্য বিশিষ্ট সাংবাদিক ও বুদ্ধিজীৱি মনজিৎ মহন্তৰ | দৰাচলতে অসমৰ ভাষিক সংখ্যালঘু লোক সকলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ তথা বিভিন্ন সমস্যাৱলীৰ লগতে বিভিন্ন জাতি- জনগোষ্ঠীৰ উন্নয়নৰ হকে আপোচবিহীন ভাৱে মাত মাতি অহা অসমৰ অন্যতম জাতীয় সংগঠন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSP ৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় । পুৱা ৯:৩০ বজাত পৰিষদৰ পতকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ কৰা হয় । দিনৰ ১বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত বিশ্বনাথ জিলা সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল হাকিম চিকদাৰ আৰু সাধাৰণ সম্পাদক নাজিৰ আহমেদে আত- ধৰা সভা খনত সভাপতিত্ব কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজ আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক মহম্মদ আলি খলিফাই। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক ও বুদ্ধিজীৱি মনজিৎ মহন্তই কয় যে “হিন্দু- মুছলমানৰ লেবেল দিয়া উচিত নহয় । শংকৰ আজানৰ দেশ অসমক লৈ অসমীয়া জাতিয়ে বহু চিঞৰিছে যদিও শংকৰ আজানৰ নাম একাংশই ৰবৰেৰে মচি দিব বিছাৰিছে । বৰ্তমানৰ বিজেপি চৰকাৰ খনে ভাৰতীয় সংবিধানক ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰিব বিছাৰিছে। এই ক্ষেত্ৰত মাত মাতিবলৈ গলেই ৰাষ্ট্ৰদ্ৰোহীৰ গোচৰ জাপি দিয়ে। নৰেন্দ্ৰ মোদীৰ পাঁচ বছৰ আগত থকা সম্পত্তিততকৈ বৰ্তমান ৫২ শতাংশ সম্পত্তি বৃদ্ধি হৈছে । অসম চৰকাৰ খনে হিন্দু – মুছলমানক ভাগ – ভাগ কৰিব বিছাৰিছে । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে ধুৰন্ধৰ , মেৰুদণ্ডহীন নেতা সকলে অসমীয়া জাতিক ধ্বংস কৰিব বিছাৰিছে । অসমীয়া জাতিৰ গৌৰৱ , স্বাভিমানক ধূলিস্যাত কৰি পেলাইছে ।
সংখ্যালঘূ লোকসকলক ৰাজনৈতিক ভাৱে সচেতন হ’বলৈ আহবান জনাই তেওঁ লগতে কয় যে অসমীয়া জাতি আৰু ভাষা- সংস্কৃতি একমাত্ৰ চৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সকলে হে জীয়াই ৰাখিছে । ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশী অসমৰ পৰা বিতাড়ন হব লাগিব আৰু ৭১ চনৰ আগতে অসমলৈ অহা সকলো লোকক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব লাগিব । বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰিলে আমি কেতিয়াও বহি নাথাকো।বিদেশীৰ নামত স্বদেশীক মাৰিব বিছাৰিলে আগতে আমাক মাৰিব লাগিব । হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া নাজল- নাথল অৱস্থা হৈছে যাৰ কাৰণে ৰাস্তা- ঘাটে, বজাৰে- পোহাৰে নৃত্য প্ৰদৰ্শন কৰি আছে । অসমক বুজি পোৱা আৰু অসমৰ কাৰণে কান্দিব জনা নেতা আমি আমাৰ মাজৰ পৰাই উলিয়াব লাগিব।
এক প্ৰকাৰ তীব্ৰ বাক্যবানেৰে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক থকাসৰকা সমালোচনা কৰে মনজিৎ মহন্তই | উক্ত অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা নাজিৰ হুছেইন সৰকাৰ, সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন, শ্বেস আব্দুল হামিদ , সাংগঠনিক সম্পাদক জাকিৰ সৰকাৰ, বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া আবুল কালাম, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা, জন সেৱা পৰিষদৰ সভাপতি ইছফাকুল হুছেইন, বিশ্বনাথ জিলা টাইপাৰ সভাপতি ৰাজীৱ গগৈ, নেমছুৰ শোণিতপুৰ জিলা সভাপতি আজনুৰ হুছেইন, বিশ্বনাথ জিলা সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ উপদেষ্টা জৈনুদ্দিন আহমেদ, সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় উপ- সভাপতি আব্দুল মুনাফ চৌধুৰকে ধৰি প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থাকে ।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *