Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ সামৰণী

শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ সামৰণী

 

ষ্টাফৰিপোৰ্টাৰ,১৫ ফেব্ৰুৱাৰী : গুৱাহাটীৰ বশিষ্ঠত স্থিত শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ শনিবাৰে সামৰণী সমাৰোহ দিনা সংকল্প দিৱস হিচাবে পালন কৰা হয়।
সামৰণিৰ ভাষণ হিচাপে আশ্ৰমৰ নিৰ্দেশিকা প্ৰজ্ঞা পাৰ মিতা দত্তই কয় “ভাগৱতৰ সাৰ হল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ গুণ,ৰূপ, নাম আৰু তেওঁৰ প্ৰশংসা । ব্যাসদেৱে চাৰি বেদৰ সাৰ ভাগৱততে সন্নিবিষ্ট কৰি ৰাখিছে। যদি আমি শ্ৰী কৃষ্ণৰ নাম স্মৰণ কৰোঁ আমাৰ জীৱনত আমি কিছুমান সকৰাত্মক প্ৰভাৱ দেখিবলৈ পাম আৰু মনত বহুত শান্তি অনুভৱ কৰিব পাৰিম। কাৰ্য ক্ৰমৰ আৰম্ভ সন্ত হেমভাইৰ নেতৃত্বত ভাগৱত শোভা যাত্রাৰ শুভাৰম্ভ হয়। আশ্ৰমৰ পৰিসৰৰ পৰা
সকলো ভক্তিই নাম কীৰ্তন কৰি যত যোগ,প্ৰাকৃতিক চিকিৎসা আৰু আধ্যাত্মিক শিক্ষাৰ কেন্দ্র ভৱন নিৰ্মান কৰা হব। গণেশ নগৰ বৰনাম ঘৰৰ পদ্ম শইকীয়াৰ দ্বাৰা এই আধাৰশিলাৰ মুকলি কৰা হয়। ইয়াৰ পাছত ভাগৱত নামঘৰ পৰিক্ৰমা কৰি আশ্ৰমৰ সভাপতি ৰবীন্দ্ৰ শৰ্মা মহন্তই আৰতিৰে সকলো ভকত বৃন্দক শপত গ্ৰহণ কৰোৱাই। তেওঁক” বিশ্ব শন্তিৰ প্ৰতিষ্ঠাৰ কাৰণে মন ,প্ৰাণ, হৃদয়এৰে ত্যাগ কৰি বিচাৰ,আচাৰ,প্ৰচাৰৰ কাৰণে সংগঠনৰ কাম কৰিম।পৰ্যাবৰণ ৰক্ষা কৰিম । ধৰিত্ৰী মাতাক ৰক্ষা কৰি সমৃদ্ধিশালী কৰি ইয়াক গোকুল,বৃন্দাবন, স্বৰ্গ আৰু বৈকুণ্ঠ নিৰ্মান কৰি কাম কৰিম। জাতি ,বৰ্ণ, ভাষা,ধৰ্ম,আৰু সম্প্ৰদায়ৰ কোনো ভেদাভেদ নাৰাখিম। সকলোৰে সম্মানৰ কাৰণে সাধনা কৰিম।সকলোৰে ভাষা সাংস্কৃতিক যথাযোগ্য সন্মান প্ৰদান কৰিম। জীৱ দয়া বিশুদ্ধ মানৱ প্ৰেমৰ বিকাশৰ কাৰণে ঈশ্বৰ দৰ্শনৰ কাৰণে সাধনা কৰিম।
সংকল্প পত্ৰৰ পাঠৰ পিছতে ধন বিষয়াৰ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এটি বৰগীত, ৰঙিয়াৰ পৰা অহা ৰুণুমি আৰু সংগী সকলৰ থিয় নাম আৰু উপাসনা বিষয়ৰ দ্বাৰা এটি ভাৰতনাট্যম পৰিবেশন কৰা হয়। ইয়াৰ পিছতে অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞত সমৰ্পিত ভক্ত সকলক সম্ভৰ্ধনা জ্ঞাপন কৰা হয়।
এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপত সুদূৰ উত্তৰ প্ৰদেশৰ পৰা অহা মোহন শুক্লাজীয়ে কয় যে মহাপুৰুষ শংকৰদেৱে ভাৰতৰ সংগম সংস্কৃতিৰ দৰ্শন কৰোৱালে। নামঘৰৰ স্থাপনা কৰি সামাজিক, আৰ্থিক, সমুদায়িক বিকাশৰ স্থাপন কৰি থৈ গৈছে। মানৱ প্ৰকৃতি আৰু অধ্যাত্মৰ সমন্ধৰ বান্ধোন মজবুত কৰিবৰ কাৰণে অসমলৈ এই অৱদান দি থৈ গৈছে। হেমভাই য়েও অসমৰ সাংস্কৃতি পুৰা দেশ বিদেশত প্ৰচাৰ কৰিছে।
হেমভাইয়ে সম্পূৰ্ণ কাৰ্যক্ৰম পৰিচালনা কৰি শেষলৈকে ভাগৱতৰ ত্বত দৰ্শন কৰোৱালে। জি.এল. পাব্লিকেচনৰ মহা প্ৰবন্ধক পি.কে.তালুকদাৰে অনুষ্ঠানত উপস্থিত থাকি অভিনন্দন জ্ঞাপন কৰে ।
শেষত কুসুমী লহকৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *