Thursday , November 21 2019
শেহতীয়া খবৰ
Home / মহানগৰ / শান্তি সাধনা আশ্ৰমত সম্বৰ্ধনা সভা সম্পন্ন

শান্তি সাধনা আশ্ৰমত সম্বৰ্ধনা সভা সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ,১৪ অক্টোবৰ : বশিষ্ঠত স্থিত শান্তি সাধনা আশ্ৰমত সোমবাৰে বলি নাৰায়নৰ সভাপতিত্বত এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে ৰূপ নৰগৰ নামঘৰৰ বাপ সকল আৰু গণেশ নগৰৰ বাপ সকলে মিলি নাম সংকীৰ্তনেৰে কাৰ্যৰ শুভাৰম্ভ কৰে। শান্তি সাধনা আশ্ৰমৰ সদস্য সকলে মিলি পহিলা ছেপ্টেম্বৰ আশ্ৰমৰ কুলপতি হেমভাই কেপিটেল ফাউণ্ডেচন নামৰ এটি অনুষ্ঠানে “বিনোবা ভাৱে ” অন্তৰাৰাষ্টীয় পূৰস্কাৰে সম্মানিত কৰে, আৰু ২২ ছেপ্টেম্বৰত বিহাৰৰ ভাগল পুৰত অংগ মদদ ফাউন্ডেশ্বন নামৰ এটি সংগঠনে আশ্ৰমৰ সেৱিকা নয়নতৰাক সমাজ সেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য কাৰ্যৰ কাৰণে “শ্বহীদ তিলকা মাঝি” ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত কৰে আৰু লগতে ২০১৫ চনৰ ১৫ আগষ্টত ধুবুৰী জিলাৰ উপায়ুক্ত ই নীলিমা ফুকনকো সমাজ সেৱাৰ কাৰণে এটি সন্মমান জনায়। সেই উপলক্ষে আশ্ৰম পৰিয়ালৰ সকলোৱে মিলি অন্তৰাৰাষ্টীয়, ৰাষ্ট্ৰীয় আৰু জিলা পয্যায়ত সন্মনান অৰ্জন কৰি অনুষ্ঠানলৈ, সমাজলৈ আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে তিনিও গৰাকী ব্যক্তিকে আশ্ৰমৰ ফালৰ পৰা অংগ বস্ত্ৰৰে সন্মানীত কৰে।
আশ্ৰমৰ ব্যৱস্থাপক বাবুলাল বিদ্ৰুমে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । আশ্ৰমৰ মেনেজিং ট্ৰাষ্টি প্ৰশান্তি দত্ত আৰু আশ্ৰমৰ নিৰ্দেশিকা প্ৰজ্ঞা পাৰমিতা দত্ত ই স্মাৰক পত্ৰ পাঠ কৰে আৰু জ্যোতিপ্ৰসাদ বৰা, ভগৱান বৈশ্য, পদ্ম শইকীয়া, কুঞ্জলতা ভূঞা, ভাগ্যৱতী দাস আৰু বহু গণ্য মান্য বক্তিয়ে বক্তব্য ৰাখি সন্মানীত সকলক আশীৰ্বাদ দিয়ে। আনন্দ বৰগোঁহাইয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সভা ভংগ কৰে।

About Staff Reporter

চাব পাৰে

অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

  ষ্টাফৰিপৰ্টাৰ: ১৬ নৱেম্বৰ: অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *