Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিক্ষক দিৱসৰ দিনা বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ ছগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা

শিক্ষক দিৱসৰ দিনা বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ ছগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা

শিক্ষক দিৱসৰ দিনা বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ ছগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা জ্ঞাপন

বঙাইগাঁওঃ ৫ চেপ্তেম্বৰঃ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ছগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে বিষ্ণুপুৰ কেন্দ্ৰৰ উদ্যোগত ৬৪ নং বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ জ্যেষ্ঠ শিক্ষক জুৰান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষক দিব্যজ্যোতি বৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ সভাত শেহতীয়াকৈ বিষ্ণুপুৰ কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক দীনেশ চন্দ্র দাস, ফণীভূষণ দাস, চিনালতা চৌধুৰী, অহল্যা বালা দাস, শৰৎ চন্দ্র দাস আৰু ৰোহিনী বালা দাসক কেন্দ্ৰটোৰ উদ্যোগত ফুলাম গামোচা, শৰাই, বস্ত্ৰ, ছাতি, মানপত্র আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানটো বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৰঞ্জন দাসে পৰিচালনা কৰে ৷ ইপিনে সম্বৰ্দ্ধনা গ্ৰহণ কৰি অতীত স্মৃতি ৰোমন্থনেৰে আৱেগিক হৈ পৰে অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰী কেইগৰাকী ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অৱসৰী শিক্ষক পৰেশ ৰায়, উত্তৰ শালমাৰা মহকুমা প্ৰাথমিক শিক্ষক সম্মিলনীৰ সম্পাদক দেৱেন চন্দ্ৰ নাথ, সাংগঠনিক সম্পাদক ডম্বৰু বসুমতাৰীয়ে আদিয়ে শিক্ষকসকলৰ বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে। সেইদৰে সভাত কেন্দ্ৰটোৰ অন্তৰ্গত শিক্ষক তৰুণ চন্দ্ৰ দাস, মনোৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও শিক্ষকে সম্বৰ্দ্ধনা জনোৱা অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ সান্নিধ্যৰ বিষয়ে উল্লেখ কৰে ৷ ইপিনে সভাৰ আৰম্ভণিতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দাৰ্শনিক,পণ্ডিত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাৰ্ঘ্য অৰ্পণ কৰি তেওঁলৈ শিক্ষক সমাজে শ্ৰদ্ধা নিবেদন কৰে। সভাত বিষ্ণুপুৰ কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *