Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰলৈ বৰপেটা ৰত্ন

শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰলৈ বৰপেটা ৰত্ন

::আমি বৰপেইটা ফেইচবুক ফ’ৰামৰ উদ্যোগত ৩য় গ্ৰন্থ উৎসৱ::
:শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰলৈ বৰপেটা ৰত্ন:
কঞ্জল দাস,বৰপেটা ৩জানুৱাৰী :
যোৱা দুটা বছৰৰ দৰে এইবেলিও বৰপেটা চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে তৃতীয় বৰপেটা গ্ৰন্থ উৎসৱ-২০২০ । আমি বৰপেইটা ফেইচবুক ফ’ৰামৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্রেতা সন্থাৰ সহযোগত অহা ২৪ ৰ পৰা ২৮ জানুৱাৰীলৈ পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হব। প্ৰতিবছৰৰ দৰে এইবেলিও বৰপেটা বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হবলগীয়া গ্ৰন্থ উৎসৱৰ বাকৰিত বৰপেটা ৰত্ন প্ৰদান কৰা হব আৰু ইয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু এইবেলি বঁটাটো প্ৰদান কৰা হব বৰপেটাৰ সুসন্তান, সংগীত শিল্পী, শিক্ষাবিদ, বেহেলাবাদক সত্যকৃষ্ণ মিশ্ৰলৈ। গ্ৰন্থ উৎসৱৰ প্ৰথম দিনাই অৰ্থাৎ ২৪ জানুৱাৰী সন্ধিয়া ৬ বজাত গ্ৰন্থ উৎসৱৰ বাকৰিত মিশ্ৰলৈ আগবঢ়োৱা হব বৰপেটা ৰত্ন। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, ড* ধ্ৰুৱজ্যোতি বৰা, থানেশ্বৰ মালাকৰকে আদি কৰি আন কেইবাজনো। গলীয়াহাটীৰ নিবাসী মিশ্রৰ জন্ম হৈছিল ১৯২৬ চনত। কলেজীয়া জীৱন শেষ কৰি বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পতনী মেলা মিশ্ৰই উক্ত অনুষ্টানটোৰ পৰাই অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। এজন ভাল খেলুৱৈ, বাদ্য বিশাৰদ, শাস্ত্ৰীয় সঙ্গীতজ্ঞ, অভিনেতা ইত্যাদি ভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে শিক্ষাবিদ গৰাকীক এই বঁটাৰে বিভূষিত কৰা হব। বঁটাৰ লগতে এখনি সম্বৰ্ধনা পত্ৰ, এখন চেলেং চাদৰ আৰু নগদ ১০ হেজাৰ টকা প্ৰদান কৰা হ’ব।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *