Tuesday , November 20 2018
Home / Uncategorized / শিল্পী কিশোৰ গিৰিৰ মৃত্যু* ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

শিল্পী কিশোৰ গিৰিৰ মৃত্যু* ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

*

ভূতনাথ শ্মশানত শেষ কৃত্য সম্পন্ন

ষ্টাফৰিপোৰ্টাৰ,বিশিষ্ট শিল্পী কিশোৰ গিৰিৰ সোমাবৰে ভূতনাথ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়। শিল্পী গৰাকীৰ জ্যেষ্ঠ কন্যা হৈময়ন্তী গিৰীয়ে মুখাগ্নী কৰে। বিশিষ্ট সংগীত শিল্পী তথা সংগীত পৰিচালক, মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সমাজকৰ্মী কিশোৰ গিৰিৰ আকস্মিক বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। বিজ্ঞান মঞ্চই তেওঁৰ পত্নী মিনা গিৰি, দুই কন্যা হৈময়ন্তী আৰু কয়েল, আত্মীয়-স্বজন, ৰাজ্যৰ শোকবিহ্বল শিল্পীসমাজ আৰু অসংখ্য গুণমুগ্ধৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰিছে। আজি ইলোৰা বিজ্ঞান মঞ্চৰ কিৰণ শংকৰ, ইচফাকুৰ ৰহমান প্ৰমুখ্যে কৰ্মকৰ্তাসকল গিৰিৰ বাসভৱনলৈ গৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চই প্ৰকাশ কৰা এটা বিবৃতিত যোগে কয় “অসমৰ সংগীত জগতক জীপাল কৰি ৰখা সংগ্ৰামী শিল্পী সত্ত্বাৰ প্ৰতিভূ কিশোৰ গিৰি আছিল এগৰাকী সমাজসেৱক আৰু প্ৰতিবাদী শিল্পী। মেণ্ডোলিন, গীটাৰ, ভায়োলিন প্ৰভৃতি বাদ্যযন্ত্ৰৰ সুদক্ষ শিল্পী তথা সংগীত পৰিচালক গৰাকী আছিল মানৱতাৰ পূজাৰী আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰো প্ৰতীক। তেওঁৰ জীৱন দৰ্শনো আছিল বৈজ্ঞানিক মানসিকতাৰ সৈতে সামঞ্জস্যপূৰ্ণ। সেয়েহে ২০১১ চনৰ ২০ জুলাইত শিল্পী কিশোৰ গিৰিয়ে মানৱ-কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যালয়লৈ আহি মৰণোত্তৰ অংগদান- দেহদানৰ ‘ইচ্ছা-পত্ৰ’ জমা দি গৈছিল। কিন্ত ৭ অক্টোবৰৰ দিনৰ প্ৰায় ৯.৪৫ বজাত নিজ বাসভৱনত তেওঁক মৃত অৱস্থাত দেখি পত্নী-পৰিয়ালৰ আন সদস্যসকল অবাক হয় আৰু মৰণোত্তৰ দেহদানৰ বাবে বেংগালুৰুত থকা কন্যা দুগৰাকী আহি পাবলৈ অপেক্ষা কৰিব লগা হয়। শেষত আজি ৮ অক্টোবৰৰ আগবেলা দুয়োজনী জীয়ৰী গুৱাহাটীৰ বাসগৃহ আহি পোৱাৰ পাছত পত্নী-কন্যা সমন্বিতে আত্মীয়-স্বজনে শিল্পীগৰাকীৰ ‘শেষ-ইচ্ছা’ৰ প্ৰতি সন্মান জনাই ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত মৰণোত্তৰ দেহদানৰ বাবে উদ্যোগ গ্ৰহণ কৰে। কিন্তু পৰিয়ালৰ ইচ্ছা সত্ত্বেও মৰণোত্তৰ দেহদান প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা নহ’ল। কাৰণ চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰৰ উদ্দেশ্যে প্ৰয়াত গিৰিৰ মৃতদেহ সংৰক্ষণৰ সময় উকলি গৈছিল আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবেও তেখেতৰ মৃতদেহ ব্যৱহাৰৰ উপযোগী হৈ থকা নাছিল। তেখেতৰ মৃত্যুৰ সঠিক সময় কোনেও নাজানে যদিও অতি কমেও ৩০ ঘন্টা অতিক্ৰম কৰা বুলি সকলো নিশ্চিত হয়। সেয়েহে প্ৰয়াত কিশোৰ গিৰিৰ শেষকৃত্য ভূতনাথ শ্মশানত সম্পন্ন কৰিব ল’গা হয়। বিজ্ঞান মঞ্চই যুক্তিবাদী আৰু মানৱতাবাদী শিল্পী গৰাকীৰ স্মৃতিৰ প্ৰতি পুনৰ শ্ৰদ্ধাঞ্জলি যাঁচিছে।” আনহাতে বিভিন্ন দল সংগঠনে শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

About Staff Reporter

চাব পাৰে

আজিৰ চেলফি

পুৰ্নিমা ৰাভা,

Leave a Reply

Your email address will not be published. Required fields are marked *