Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা পোষণ ৰেলীৰ শুভাৰম্ভ

শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা পোষণ ৰেলীৰ শুভাৰম্ভ

*শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা পোষণ ৰেলীৰ শুভাৰম্ভ*

ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ, ১০ ছেপ্টেম্বৰ: জিলাখনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা মাহটোজোৰা পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে অহা আজি পুৱা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা এক বিশাল ৰেলী উলিওৱা হয়।
ফ্লেগ অফ কৰি এই ৰেলীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে । জিলা সমাজ কল্যান বিভাগক প্ৰমুখ্য কৰি পোষণ অভিযানত জড়িত সংশ্লিষ্ট বিভাগ সমূহৰ প্ৰতিনিধি সকলে এই ৰেলীত অংশগ্ৰহণ কৰে। ৰেলীৰ শুভাৰম্ভ মুহূৰ্তত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী আৰু জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী।
ৰেলীৰ শুভাৰম্ভ কৰি দিয়া বক্তব্যত উপায়ুক্ত গৰাকীয়ে পোষণ মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। পোষণ ৰেলীৰ দৰে পদক্ষেপৰ লগতে পোষণ মাহৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰি এই অভিযানক জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে আহ্বান জনায়। আমাৰ সকলোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াসে সমাজৰ পৰা পুষ্টিহীনতা নিৰ্মূল কৰি দেশৰ এক শক্তিশালী তথা সবল বুনিয়াদ গঢ়িবলৈ সক্ষম হ’ব বুলি উপায়ুক্ত গৰাকীয়ে মতপোষন কৰাৰ কথা শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানাই প্ৰেছবাৰ্তাৰ যোগে জানিবলৈ দিয়ে |

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *