Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা ভোটাৰৰ সহায়ক কেন্দ্ৰ উদ্বোধন

শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা ভোটাৰৰ সহায়ক কেন্দ্ৰ উদ্বোধন

শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা ভোটাৰৰ সহায়ক কেন্দ্ৰ উদ্বোধন

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১২ ছেপ্টেম্বৰ: সম্পূৰ্ণৰূপে শুদ্ধ আৰু ত্ৰুটীহীন ভোটাৰ তালিকা প্ৰকাশৰ উদ্দেশ্যে তথা ভোটাৰ সকলৰ সুবিধা হোৱাকৈ ভোটাৰ তালিকাত নিজৰ নাম আৰু অন্যান্য বিৱৰণ সমূহ সহজতে পৰীক্ষা কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে সমগ্র দেশতে পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ কৰা ভোটাৰ পৰীক্ষণ কাৰ্যসূচীৰ অংশহিচাপে আজি শিৱসাগৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া ডাঃ এছ লক্ষ্মণনে জিলাখনৰ নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে এটি ভোটাৰৰ সহায়ক কেন্দ্ৰ (Voters Facilitation Centre) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত উপায়ুক্ত গৰাকীয়ে উপস্থিত সকলোকে এই ব্যৱস্থাৰ জৰিয়তে নিজৰ নাম, উপাধি, সম্পৰ্কৰ বিৱৰণ আৰু অন্যান্য তথ্য পৰীক্ষা তথা কোনো বিসংগতি পৰিলক্ষিত হলে নির্দিষ্ট নথি-পত্ৰ যোগানৰ দ্বাৰা প্ৰয়োজনীয় সংশোধন কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়োৱাৰ লগতে এই সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। লগতে ভোটাৰ সকলে এই পৰীক্ষণ কাৰ্য্য ভোটাৰৰ সহায়ক কেন্দ্ৰটোৰ লগতে নিজ নিজ এলেকাত থকা সমূহীয়া সেৱা কেন্দ্ৰ (Common Serivices Centre) সমূহত কৰিবলৈ সুবিধা পাব বুলিও তেওঁ উল্লেখ কৰে।
সভাত নির্বাচন বিষয়া পঙ্কজ বৰাই উপস্থিত এ ই আৰ অ’, চুপাভাইজাৰ আৰু বি এল অ’ সকলক এই সুবিধা সম্পৰ্কে ৰাইজক অৱগত কৰিবলে কয়। ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ১ ছেপ্টেম্বৰৰ পৰা অহা ১৫ অক্টোবৰলৈ সময়ছোৱা ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াৰ বাবে ধাৰ্য্য কৰিছে বুলিও তেওঁ সদৰি কৰে। নিজ বক্তব্যত তেওঁ ভোটাৰ তালিকাত যদি তথ্য সমূহ অশুদ্ধ থাকে, তেনেস্থলত কি দৰে এই সমূহ শুধৰাব পৰা যাব এই বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
সভাত অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে ভোটাৰৰ সহায়ক কেন্দ্ৰ বা শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিখন বিধানসভাৰ বাবে থকা মুঠ ৪০ টা সমূহীয়া সেৱা কেন্দ্ৰৰ মাধ্যমেৰে প্ৰদান কৰা সুবিধা গ্ৰহণ কৰি জিলাখনত ১০০ শতাংশ শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাত অৱদান আগবঢ়াবলৈ কয়।
আজিৰ সভাৰ আঁত ধৰে জিলাখনৰ Systematic Voters’ Education and Electoral Participation (SVEEP) -ৰ নডেল বিষয়া প্ৰতিম শৰ্মাই । তেওঁ ভোটাৰৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে SVEEP -ৰ অধীনত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে চমু বক্তব্য দাঙি ধৰাৰ বিষয়ে শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দী হাচনাহানাই এক প্ৰেছবাৰ্তাৰ যোগে জানিবলৈ দিছে |

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *