Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ
ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ এগৰাকী কৰ্মঠ আৰু আদৰ্শবান কৃষক ৰূপে পৰিচিত ৰাজু গগৈ । বহু বছৰ দিন কৃষি কৰ্মৰ লগত জড়িত ৰাজু গগৈয়ে প্ৰতি বছৰে ৫০ ৰ পৰা ৫৫ বিঘা মাটিত খেতি কৰি আৰু সেইমাটিত উৎপাদিত ধান বিক্ৰী বিক্ৰী কৰি কৰি জীৱিক নিৰ্বাহ কৰি আহিছে। কেৱল যে তেওঁ এজন আদৰ্শবান  কৃষকেই যে এনে নহয় বাহ -কাঠেৰে সামগ্ৰী বনোৱা তেওঁ এজন পাকৈত বাঢ়ৈ। শেহতীয়াকৈ ব্যক্তি জন চৰ্চালৈ আহিছে এক প্ৰশংসনীয় কামৰ বাবে । হৈ যোৱা বানত খেতিয়কৰ দূৰ্দশা দেখি হৃদয় কঁপি উঠিছিল ৰাজু গগৈৰ । বিশেষকৈ লহপহকী বাঢ়ি অহা কঠীয়াৰ তলি খন বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মৰ্মান্তিক আঘাট পাইছিল ৰাজু গগৈয়ে।যি হেতু তেওঁ নিজেও এজন কৃষক। সেইবাবে কৃষকৰ হাড় ভগা শ্ৰম মূল্য মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে ৰাজু গগৈয়ে  । সেইসূত্ৰে বানপানীত কঁঠীয়া হেৰুওৱা শিৱসাগৰ মহকুমাৰ কমেও ১০০ জন কৃষকক কঠীয়া যোগান ধৰাৰ মানসেৰে ১০ বিঘা মাটিত শিৱসাগৰ জিলাৰ কৃষি বিভাগৰ চুণপোৰা কৃষি চক্ৰৰ সহযোগত  কঠীয়া সিঁচিছিল  ৰাজু গগৈয়ে । বিনা ২০ নামৰ নব্য প্ৰজাতিৰ ধান বিধৰ এই কঁঠীয়া সমুহ প্ৰায় ৰুব পৰা হৈছে। নিজে কেইবাৰো মাটি চহাই নিজৰ প্ৰচেষ্টাৰে বেৰা দি ৰাজু গগৈয়ে সিঁচা কঠীয়া  বানাক্ৰান্ত ব্যক্তিক সহায় কৰাৰ মানসেৰে সিচা  কঠীয়া সমূহ কালি শিৱসাগৰ জিলাৰ চুণপোৰা কৃষি চক্ৰৰ সহযোগত অসম অসম চৰকাৰৰ দুুযোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত কঠীয়া পৰা স্থলীতে বানত ক্ষতিগ্ৰস্থ কৃষকৰ মাজত বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয় ।এই কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে দিচাংপাৰ গাওঁ পঞ্চায়তৰ সদস্যা বিজয়া শইকীয়াই আৰু কৃষি বিভাগৰ ৰূপন বৰুৱাই । কালি উদ্ধোধন কৰা এই আচনিৰ জড়িয়তে সংহাৰী বানত ক্ষতি গ্ৰস্থ হোৱা কৃষক পৰিয়ালে কিছু সকাহ পাব l

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *