Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ*

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ ছেপ্টেম্বৰ: *শান্তিৰ বাবে ক্ৰীড়া*- এই লক্ষ্যৰে ভাৰত চৰকাৰৰ “খেল’ ইণ্ডিয়া” আঁচনিৰ অধীনত শিৱসাগৰ জিলাত পোনপ্ৰথম বাৰৰ বাবে জিলা পৰ্য্যায়ত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু থাওৰা সমষ্টিৰ বিধায়কৰ সহযোগত ডিমৌ ৰাইছাই ক্ৰীড়াঙ্গনত আজিৰে পৰা অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন।
এই প্ৰতিযোগিতাত লৰা আৰু ছোৱালীৰ শাখাত এথলেটিক্চ, ফুটবল আৰু ভলীবল খেল অনুষ্ঠিত হ’ব। পতাকা উত্তোলন কৰি এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে স্থানীয় বিধায়কৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে অতি কম সময়ৰ ভিতৰতে ৰাইছাই ক্ৰীড়াঙ্গনৰ আন্তঃগাঁথনি উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰে। এনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজনৰ দ্বাৰা জিলাখনে ১০০ গৰাকী হিমা দাস আৰু ১০০ গৰাকী ভোগেশ্বৰ বৰুৱা লাভ কৰাত সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী খেলুৱৈৰ উজ্জ্বল ভৱিষ্যতৰ লগতে প্ৰতিযোগিতা খনিৰ পূৰ্ণ সফলতা কামনা কৰে।
প্ৰতিযোগিতা খনিৰ পূৰ্ণ সফলতাৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণণে স্থানীয় ৰাইজ আৰু ক্ৰীড়াপ্ৰেমী সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
আজিৰ অনুষ্ঠানত অন্যান্য সকলৰ লগত উপস্থিত থাকে ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোৰমা মৰাং আৰু জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়।

About Staff Reporter

চাব পাৰে

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ প্ৰতিবেদক, ৰঙিয়া , ৮ ছেপ্টেম্বৰ : …

Leave a Reply

Your email address will not be published. Required fields are marked *