Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ বিজেপি কৰ্মীক

শিৱসাগৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ বিজেপি কৰ্মীক

শিৱসাগৰত নেছ’ৰ বন্ধ সৰ্বাত্মকঃ গুৰুলা গুৰুলকৈ প্ৰহাৰ উদণ্ড বিজেপি কৰ্মীক

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১০ ডিচেম্বৰ : শিৱসাগৰত নেছ’ৰ বন্ধ সৰ্বাত্মক , বন্ধক নেউচা দিয়াত গুৰুলা গুৰুলকৈ প্ৰহাৰ উদণ্ড বিজেপি কৰ্মীক | কেব বিৰোধী আন্দোলনক উপহাস কৰি আছুৰ ৰোষত পৰিল বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ বিজেপি কৰ্মী মানস হাজৰিকা |
শিৱসাগৰত উত্তৰ-পূৱ ছাত্ৰ সন্থাৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক | শতাধিক আছু কৰ্মীয়ে বন্ধৰ সমৰ্থনত ৰাজপথত দিয়ে শ্লগান দি থকাৰ সময়ত বন্ধক নেউচি বিজেপি কৰ্মীৰ ৰাজপথত উদ্ভণ্ডালীক লৈ শিৱসাগৰত উত্তপ্ত পৰিবেশ |
কেবৰ বিৰোধিতা কৰা সকলক উদ্যেশি অশ্লীল বাক্যবান বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ বিজেপি কৰ্মী মানস হাজৰিকাৰ |
AS 04 M 0696 নম্বৰৰ বগা ৰঙৰ চুইফট গাড়ীত অহা বিজেপি কৰ্মীজনে দ’লমুখ চাৰিআলিত আছু কৰ্মী সকলক উদ্যেশ্য কৰি কৰে গালি-গালাজ ৷ আৰক্ষীৰ সন্মুখতে প্ৰদৰ্শন কৰেয়া শাসকীয় দলৰ কৰ্মী হোৱাৰ দম্ভালি মাৰোতেই আছু কৰ্মীয়ে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে উদণ্ড বিজেপি কৰ্মীজনক | অৱশেষত আছু কৰ্মী আৰু ৰাইজৰ খং দেখি পলায়ন কৰে বিজেপি কৰ্মী জনে | ইফালে নেছ’ৰ বন্ধত ব্যাহত হৈ পৰিছে শিৱসাগৰৰ যাতায়ত ব্যৱস্থা ৷ স্তব্ধ জনজীৱন ৷ আনহাতে শিৱসাগৰৰ দুই আমৰণ অনশনকাৰীয়ে শিৱসাগৰ জিলা প্ৰশাসন আৰু ৰাইজৰ অনুৰোধত ভংগ কৰিলে অনশন | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শিৱসাগৰৰ দুই প্ৰতিবাদী যুৱকে আৰম্ভ কৰিছিল আমৰণ অনশন।শণি বাৰৰ পুৱাৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অনশন কৰা জিন্তু মেছ আৰু ইৰছাদ উল্লাক শিৱসাগৰ জিলা প্ৰশাসনে বলপূৰ্বকভাৱে দেওবাৰে নিশা প্ৰতিবাদ থলীৰ পৰা উঠাই নি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল।অসমক প্ৰতিবাদী কণ্ঠৰূপে প্ৰতিনিধিত্ব কৰা দুই যুৱকে চিকিৎসালয়ত প্ৰতিবাদ অব্যাহত ৰাখি অস্বীকাৰ কৰিলে সকলো চিকিৎসা।পানী-চেলাইন একো গ্ৰহণ নকৰি কেবৰ বিৰোধিতা প্ৰদৰ্শন কৰা দুই গৰাকী যুৱকৰ ক্ৰমে স্বাস্থ্যৰ অৱনতি ঘটিব ধৰাত বিমোৰত পৰে চিকিৎসালয় কৰ্তৃপক্ষ।সময় যোৱাৰ লগে লগে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জিলা প্ৰশাসনে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ দুয়োজন যুৱকক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াও আকোৰগোজ হৈ থকা দুই যুৱকৰ প্ৰাণৰ প্ৰতি শংকা আহি পৰাত শিৱসাগৰ জিলা প্ৰশাসন আৰু বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই অনশন সমাপ্ত কৰিবলৈ অনুৰোধ জনায়।শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকৰ সমূহ দাবী গুৰুত্ব সহকাৰে চৰকাৰ লৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শিৱসাগৰীয়া ৰাইজৰ অনুৰোধ ৰক্ষা কৰি অনশন অন্ত পেলাবলৈ আহবান জনায়।অৱশেষত প্ৰশাসন আৰু ৰাইজৰ অনুৰোধ ৰক্ষা কৰি দুই প্ৰতিবাদী যুৱকে সাময়িক ভাৱে অনশনৰ সামৰণি মাৰে।শিৱসাগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈয়ে আনুষ্ঠানিক ভাৱে ফলৰ ৰস প্ৰদান কৰি অনশন সমাপ্ত কৰায়‌।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *