Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত চাহ শ্ৰমিক সকলক বানচ প্ৰদান কৰাক লৈ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

শিৱসাগৰত চাহ শ্ৰমিক সকলক বানচ প্ৰদান কৰাক লৈ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

শিৱসাগৰত চাহ শ্ৰমিক সকলক বানচ প্ৰদান কৰাক লৈ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ ১২ চেপ্তেম্বৰ : শিৱসাগৰ জিলাখনৰ অন্তৰ্গত সমুহ চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক বানচ প্ৰদানৰ কৰা বিষয়টোৰ ক্ষেত্রত আলোচনা কৰাৰ অৰ্থে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত চাহ শ্ৰমিক সংঘ সমুহৰ উৰস্থিতিত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত চাহ শ্ৰমিক সকলক বানচ প্ৰদান সন্দৰ্ভত কৰা আলোচনাত সাংসদ গৰাকীয়ে জিলাখনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষক শ্ৰমিক সকলক দিবলগীয়া বানচ সোনকালে মুকলি কৰি দিবলৈ আহ্বান জনায় | অসম চৰকাৰে ইতিমধ্যে অসম চাহ নিগমৰৰ অধীনস্থ চাহ বাগিচা সমূহৰ শ্ৰমিক সকলক ২০ শতাংশ বানচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে। এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ অসম চাহ নিগমৰৰ অধীনস্থ চাহ বাগিচা সমূহে শ্ৰমিক সকলক ২০ শতাংশ বানচ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ কথা সভাত ভাষন প্ৰসঙ্গত প্ৰকাশ কৰে । তেনেদৰে অন্যান্য ভালে কেইখন বৃহৎ আৰু মজলীয়া চাহ বাগিচাইওঁ অনুৰূপ ঘোষণা কৰিছে বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনৰ অন্যান্য বাগিচা সমূহেও দুই-এদিনৰ ভিতৰত বানচ প্ৰদান ক্ষেত্রত স্থিতি স্পষ্ট কৰিব বুলিও জনায়। আলোচনা প্ৰসংগত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে বানচ প্ৰদান কৰা সময়ছোৱাত চাহ বাগিচা এলেকা সমূহত অবৈধ সুৰা সেৱন, বিক্ৰী আৰু বিতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ওপৰত অভিযান তীব্রতৰ কৰিবৰ বাবে অৱকাৰী আৰু আৰক্ষী বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ পৰামৰ্শ প্ৰদান কৰে । উক্ত সভাত জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই বানচৰ ধন বেংকৰ পৰা বাগিচালৈ লৈ যোৱা সময়ছোৱাত প্ৰয়োজনীয় সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে নিকটৱৰ্তী আৰক্ষী চকী বা থানাত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনায়। এই সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল্ আজহাৰ আলী, নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা, সহকাৰী শ্ৰম আয়ুক্ত হিতেশ্বৰ ৰয়, জিলাখনৰ চাহ বাগিচাৰ সমুহৰ প্রৱন্ধক সকলৰ লগতে অসম চাহ মজদুৰ সংঘৰ ওপৰি অসম চাহ কৰ্মচাৰী সংঘৰ বিষয়ববীয়া উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও পঙ্কজ …

Leave a Reply

Your email address will not be published. Required fields are marked *