Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মে ডাম মে ফি উদযাপন

শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মে ডাম মে ফি উদযাপন

শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মে ডাম মে ফি উদযাপন: বানফী পূজাত অংশ ললে প্ৰাক্তন মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে: উত্তৰ-পূৰ্বাঞ্চলৰ নেতৃত্ব উন্নয়নৰ বাবে একত্ৰ হোৱাৰ আহ্বান নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰৰ: আহোম ৰাজত্বৰ ৬ শ বছৰীয়া শাসনৰ প্ৰতি শ্ৰদ্ধাশীল হবই লাগিব— ড: পীতাম্বৰ দেৱগোস্বামী

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ৩১ জানুৱাৰী : শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মে ডাম মে ফি ৷

অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰ, সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকে ৷

ইফালে মেডাম মেফী উপলক্ষে টাই ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত বানফী আৰু ফুৰালুং অনুষ্ঠানতো নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰ আৰু প্ৰাক্তন মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অংশ লৈ পুলিন পুথাও সকলৰ আশীৰ্বাদ বিচাৰে ৷

মুকলি সভাত উপস্থিত থাকি নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰে কয় যে আমি অসমীয়া বা নগাৰূপে নহয়,কিন্তু আমি মানুহৰূপে আজি কথা কব বিচাৰো।আমি উত্তৰপূৱ পৃথক নহয়।আমি সকলো সময়ত এক।স্বাধীনতাৰ পাছত ভাৰতৰ অন্য প্ৰান্তৰ মানুহে আমাক পিছপৰা বুলি ভাবিছিল।কিন্তু এতিয়া সময় সলনি হৈছে।ইয়াৰ উদাহৰণ হৈছে ৰঞ্জন গগৈ।মই নিজেই চাৰি ৰাজ্যৰ ৰাজ্যপাল হৈ আহিছো।আমি আমাৰ হীনমন্যতা আঁতৰাব লাগিব।এতিয়া আমি বয়স্ক হলো।আমি উত্তৰপূৱে অতীত পাহৰিব লাগিব।পৃথিৱী এতিয়া এখন গাঁও হৈছে।আগৰ নেতৃত্বই কি কৈছে পাহৰি যাওক।উত্তৰপূৱ এতিয়া উন্নত।আমি পিছপৰা মানসিকতা পাহৰিব লাগিব।আমি ভাৰত গঢ়িবৰ অৰ্থে আগবাঢ়িব লাগিব।আমি বিগত ৭১ বছৰত বহু শিকিলো।আমি দুৰ্বল, নিৰক্ষৰ,পিছপৰা নহয়।এই সময়ছোৱাত যদি আমি আমাৰ চিন্তা, বক্তব্য আৰু কামত কিবা ভুল কৰিলো তেন্তে এই সময় সেইসমূহ শুদ্ধ কৰা।ভাৰত চৰকাৰে কিয় লুক ইষ্ট ফলিচি গ্ৰহণ কৰিছে?কিয়নো ভাৰতৰ ভৱিষ্যত পশ্চিমে নহয়,পূৱে আছে।চ্যুকাফা ভাৰতলৈ আহিছিল শাসন কৰিবলৈ।কিন্তু এতিয়া সেই অঞ্চলৰ পৰা সেই সকল আহে ব্যৱসায়ৰ বাবে।সময় সলনি হৈছে।এতিয়া সময় আমি উত্তৰপূৱ কিদৰে একত্ৰ হব পাৰো।পূৱৰ সেই ব্যৱসায়িক সুবিধা বোৰৰ বাবে উত্তৰপূৱ এক বজাৰ ৰূপে পৰিগণিত হব।যাৰ বাবে সেই বজাৰৰ হেঁচা লবলৈ হলে আমি একত্ৰ হব লাগিব।এই সকলোৰ নেতৃত্ব অসমে লব লাগিব।দল নিৰ্বিশেষে উন্নয়ণৰ বাবে আমি একত্ৰ হব লাগিব বুলিও গোৱা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল জনে মন্তব্য কৰে ৷
ইফালে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে অসমীয়া জাতিক মজবুত কৰা,শক্তিশালী কৰা গোষ্ঠী আছিল আহোম গোষ্ঠী।সেইসকলৰ ছশ বছৰীয়া ৰাজত্বত অসমে একত্ৰ হৈছিল।এখন কল্যাণকামী ৰাজ্যৰূপে পৰিগণিত হৈছিল।বেদৰ বাণীৰ দৰে মেডামমেফি অনুস্থানৰ জড়িয়তে সেই একত্ৰ আৰু কল্যাণ স্মৰণ কৰা হয়।পিতৃ-পূৰ্বজ সকলক সন্মান-স্মৰণৰ দ্বাৰা আমি তেওঁলোকৰ পদাংক অনুকৰণৰ লগতে সকলো উত্তমৰ বাবে শক্তি পাওঁ।মেডামমেফি পালনৰ দ্বাৰা এই শক্তি আহৰণ।সত্ৰ স্থাপন আৰম্ভ হৈছিল আহোম সকলৰ দ্বাৰা।জয়ধ্বজ সিংহই তেতিয়াই সত্ৰক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল।তাৰ পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত সত্ৰ পালিত হৈছিল।সেই ৰাজশাসনৰ জড়িয়তে আমি পালিত আৰু দায়বদ্ধ।এই অনুষ্ঠানত উপস্থিত থাকি আমি সেইসকলক সোঁৱৰণ কৰিছো।আজি আমি আনুসৰণ কৰিব লাগিব আহোম ৰজা সকলৰ বিচক্ষণতা,একতা,ব্যক্তিত্ব আদি।একত্ৰ হৈ থাকি কিদৰে সমাজ ধৰি ৰাখিব পাৰি তাক আহোম শাসনে দেখাই গৈছে।এই একতা আমি বজাই ৰাখিব লাগিব।আহোম শাসনৰ এই আদৰ্শ মানি আমি এক হৈ থাকিলেহে অসম জীয়াই ৰাখিব।আহোম ৰাজত্বৰ ছশ বছৰীয়া শাসনৰ প্ৰতি শ্ৰদ্ধাশীল হবই লাগিব বুলি সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য কৰে
৷ অৱশ্যে প্ৰট’কলৰ বাবে প্ৰাক্তন মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অনুষ্ঠানত বক্তব্য ৰখাৰ পৰা বিৰত থাকে ৷

ইফালে বিশিষ্ট টাই পণ্ডিত পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনে টাই আহোম জনগোষ্ঠীৰ মে ডাম মে ফি উদযাপনৰ তাৎপৰ্যৰ সম্পৰ্কে কয় ৷

অনুষ্ঠানত গুৱাহাটীৰ নটৰাজ সাংস্কৃতিক শিল্পী সমাজে ভোৰতাল নৃত্য আৰু বকতাৰ টাই আহোম সাংস্কৃতিক দলে ৰাগ চাংমাই নৃত্য আৰু শিৱসাগৰৰ ভংগীমা কলাকেন্দ্ৰৰ শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ৷

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *