Thursday , February 27 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত যুৱক সন্ধানহীন

শিৱসাগৰত যুৱক সন্ধানহীন

শিৱসাগৰত যুৱক সন্ধানহীন

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ৯ অক্টোবৰ : শিৱসাগৰৰ নগৰৰ ৰেলৱে কলনিৰ ১৩ নং ৱাৰ্ডৰ বাসিন্দা নিৰ্মল দাসৰ পুত্ৰ মোহন দাস ( ২৭ ) যোৱা ২৯ চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছে । পৰিয়ালৰ সূত্ৰে জানিব পৰা অনুসৰি উক্ত দিনা সন্ধিয়া যুৱক জনে ঘৰৰ পৰা বজাৰলৈ উলাই আহিছিল আৰু অদ্যাপি ঘৰলৈ উভতি যোৱা নাই । নিৰুদ্দিষ্ট ল’ৰা জনে ব্যৱহাৰ কৰা মোবাইল নাম্বাৰটোও সম্প্ৰতি ছুইফ অফ হৈ থকাত পৰিয়ালৰ সদস্য সকল উদ্বিগ্ন হৈ পৰিছে । পিতৃ মোহন দাসে পুত্ৰ নিৰুদ্বেশ হৈ থকাৰ বিষয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাক লিখিত ভাৱে অৱগত কৰিছে যদিও আৰক্ষীয়ে অদ্যাপি সন্ধানহীন মোহনৰ সন্ধান উলিয়াব পৰা নাই । লৰা জনৰ সন্ধান যদি কোনো সদাশয় লোকে পায় ততাতৈয়াকৈ শিৱসাগৰ সদৰ আৰক্ষীৰে যোগাযোগ কৰিবলৈ পিতৃ নিৰ্মল দাসে কাতৰ অনুৰোধ জনায় , যিহেতু পৰিয়ালটোৰে পুনপতীয়া যোগাযোগৰ কোনো ব্যৱস্থা নাই বুলিও জানিবলৈ দিয়ে |

About Staff Reporter

চাব পাৰে

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০ *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ ফেব্ৰুৱাৰী* অসম …

Leave a Reply

Your email address will not be published. Required fields are marked *