Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত শইকীয়া ফাৰ্ষ্টফুড বন্ধ কৰিলে জিলা প্ৰশাসনে

শিৱসাগৰত শইকীয়া ফাৰ্ষ্টফুড বন্ধ কৰিলে জিলা প্ৰশাসনে

শিৱসাগৰত পুনৰ খাদ্যৰ নামত বৰবিহ খুৱাইছে ব্যৱসায়ীয়েঃ শইকীয়া ফাৰ্ষ্টফুড বন্ধকৰিলে জিলা প্ৰশাসনে

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ৬ অক্টোবৰ : শিৱসাগৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিৰ ৰিয়েল বাজাৰ নামত গ্ৰাহকক বিকিছে ম্যাদ উকলা খাদ্য সামগ্ৰী | আনহাতে চহৰখনৰ মাজমজিয়া কেন্দ্ৰীয় বজাৰৰ সন্মুখ স্থিত শইকীয়া ফাষ্ট ফুড নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো কদৰ্য পৰিৱেশত খাদ্য প্ৰস্তুত কৰাৰ অপৰাধত প্ৰশাসনে তলা ওলমোৱাৰ সময়তে ৰিয়েল বজাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানেও জনস্বাস্থ্যৰ লগত ল’ৰা ধেমালি কৰা বিষয়টোৱে তাতপৰ্য বহন কৰিছে | শিৱসাগৰ জিলাৰ খাদ্য পৰিদৰ্শকৰ ৰহস্যজনক ভূমিকাৰ বাবেই শিৱসাগৰ এতিয়া ভৰি পৰিছে নকল খাদ্য সামগ্ৰীৰ লগতে ম্যাদ ওকলা খাদ্য দ্ৰব্যৰে |ইয়াক লৈ চিন্তিত হৈ পৰিচে সচেতন ৰাইজ | একাংশ জনসাধাৰণ খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বেলিকা কেতিয়াও সামগ্ৰীৰ ম্যাদ আছেনে নাই সৰ্ব সাধাৰণতে নোচোৱাকৈয়ে ক্ৰয় কৰে | এই সুজুগ গ্ৰহণ কৰিয়েই চতুৰ ব্যৱসায়ীয়ে নকল বা ম্যাদ ওকলা সামগ্ৰী বিক্ৰীৰ কৰাৰ সুবিধা গ্ৰহণ কৰিছে | ইফালে এই বিষয়ত খাদ্য পৰিদৰ্শকৰ চোৱা চিতা কৰাৰ দায়িত্ব যদিও সম্প্ৰতি অসাধু ব্যৱসায়ীৰে ভিতৰোৱাকৈ মিলি থকাৰ সুবাদটে ব্যৱসায়ীয়ে অনিয়মে -অবৈধতাৰে ৰমৰমীয়া ব্যৱসায় চলাইছে |
উল্লেখযোগ্য যে এই শাৰদীয় পূজাৰ বতৰৰ ওদুলি মোদুলি পৰিবেশৰ সুবিধা বুজি গ্ৰাহকক খাদ্যৰ নামত বৰবিহ খুৱাইছে শিৱসাগৰৰ হোটেল -ৰেষ্টোৰাই | এই লৈ চহৰখনৰ মাজমজিয়াস্থিত শইকীয়া ফাষ্টফুডত জিলা প্ৰশাসনে চলাব লগীয়া হৈছে অভিযান |
জিলা উপায়ুক্তই গ্ৰাহকৰ অভিযোগৰ ভিত্তিত দিয়া নিৰ্দেশত সহকাৰী আয়ুক্ত মনিষা কলিতাই চলাই অভিযান | অতী গুৰুত্ব পুৰ্ণ তথা সত্যতা পোহৰলৈ আনে এই অভিযানে | অভিযান কালত শইকীয়া ফাষ্টফুডে দীৰ্ঘদিনে কদৰ্যময় পৰিৱেশতে খাদ্যৰ নামত বৰবিহ খুৱাই অহাৰ প্ৰমাণ হয় | এনে অপৰাধতে জিলা প্ৰশাসনে অনিদিষ্ট কাললৈ বন্ধ কৰিছে শইকীয়া ফাষ্ট ফুড |
উল্লেখ্য যে শিৱসাগৰত খাদ্য পৰিদৰ্শক আছে যদিও হোটেল-ৰেষ্টোৰাৰ মালিক পক্ষৰে মিতিৰালি থকাৰ সূত্ৰেই হোটেল ৰেষ্টোৰাত পৰিদৰ্শন নকৰাত গ্ৰাহক ৰাইজক খাদ্যৰ নামত বৰবিহ খুৱাই আহিছে হোটেল আৰু ৰেষ্টোৰা ব্যৱসায়ী সকলে |

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *