Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰ জিলাত সাজু ২০০ খন বিচনা

শিৱসাগৰ জিলাত সাজু ২০০ খন বিচনা

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মন্ত্ৰী যোগেন মহন ঃ শিৱসাগৰ জিলাত সাজু ২০০ খন বিচনা ঃ সাংবাদিকৰ পৰাই বহু তথ্য পোনপ্ৰথমে লাভ কৰিছে চৰকাৰ- প্ৰশাসনে

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৫ মাৰ্চ : শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মন্ত্ৰী যোগেন মহন উপস্থিত হৈ চিকিৎসালয়খনৰ ৰোগীৰ ব্যৱস্থাৰ সম্পৰ্কে বুজ লয় |

চিকিৎসালয়খনত উপস্থিত হৈ সাম্ভাব্য পৰিস্থিতিত চিকিৎসালয়খনে কিমানখিনিলৈকে ৰোগীক সেৱাৰ আগবঢ়ালৈ সক্ষম হব তাক বুজ ললে মন্ত্ৰী মহনে |

আনহাতে হঠাৎ জিলাখনলৈ আহিব পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ স্বাস্থ্য বিভাগও সাজু আছে বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে |

সাম্ভাব্য পৰিস্থিতিৰ বাবে শিৱসাগৰ জিলাত ২০০ খন বিচনা সাজু কৰি ৰখা হৈছে বুলিও মন্তব্য মন্ত্ৰী যোগন মহনৰ |

ইফালে জনসাধাৰণক সজাগ আৰু সচেতন হোৱাৰ আহ্বানৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলি কৰ’নাক প্ৰতিৰোধ কৰাৰ বাবে ৰাইজলৈ অনুৰুধ মন্ত্ৰী মহনৰ |
বহি:ৰাজ্যত কৰ্মৰত অসমৰ যুৱক স্বগৃহলৈ ঘূৰি অহা বিষয়টো চিন্তনীয় বুলি কয় মন্ত্ৰী গৰাকীৰ ৷ এইক্ষেত্ৰত ঘৰমূৱা হোৱা যুৱক সকলৰ প্ৰতি তীক্ষণ দৃষ্টি ৰাখিবলৈ গাঁওবুঢ়া আৰু প্ৰশাসনক আহ্বান মন্ত্ৰী যোগেন মহনৰ |

সংবাদ মাধ্যম আৰু সাংবাদিকক কৃতজ্ঞতা মন্ত্ৰীজনৰ ৷ প্ৰশাসন আৰু ৰাইজৰ ওচৰলৈ কৰ’নাৰ ভয়াবহতাৰ সম্পৰ্কত বাৰ্তা লৈ যোৱা সংবাদকৰ্মী সকলৰ পৰাই বহু সময়ত প্ৰথম তথ্য চৰকাৰে লাভ কৰিছে বুলি মন্তব্য মহনৰ ৷ কৰ’নাৰ বিৰুদ্ধে যুঁজখনৰ সৈনিক সাংবাদিক সকলক প্ৰশাসনে যিধৰণে সহযোগিতা কৰিব লাগে কৰিব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

উল্লেখ্য যে কৰ’নাৰ বিৰোদ্ধে যুঁজাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তত্বাবধায়ক হিচাপে নিয়োগ কৰা যোগেন মহনে আজি চৰাইদেউ আৰু শিৱসাগৰৰ বহুকেইখন চিকিৎসালয়ত উপস্থিত হৈ পৰ্যবেক্ষন কৰে ৷

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *