Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰ নাজিৰা পথৰ হাৰিপৰা আলিত পথ দুৰ্ঘটনা | এজনৰ মৃত্যু

শিৱসাগৰ নাজিৰা পথৰ হাৰিপৰা আলিত পথ দুৰ্ঘটনা | এজনৰ মৃত্যু

শিৱসাগৰ নাজিৰা পথৰ হাৰিপৰা আলিত পথ দুৰ্ঘটনা | এজনৰ মৃত্যু | অন্য এজনক ডিব্ৰুগড়লৈ স্হানান্তৰ
ফাষ্টনিউজ ৰিপৰ্ট. নাজিৰা, ১৮ ছেপ্তেম্বৰ
শিবসাগৰ জিলাৰ শিৱসাগৰ নাজিৰা আলিৰ হাৰিপৰাত আজি সন্ধিয়া হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু লগতে অন্য এজন যুৱক গুৰুতৰ ভাৱে আহত হয় | জানিব পৰা মতে নাজিৰাৰ নমাটি দিহিঙিয়া গাঁৱৰ ভাস্কৰ বৰুৱা আৰু মলা গাঁৱৰ মনোজ গগৈয়ে বাইকেৰে আহি থকাৰ সময়তে হাৰিপৰা অঞ্চলত এক মটৰ দুৰ্ঘচনাত পতিত হয় | এই ভয়ানক দুৰ্ঘটনাত মলা গাঁৱৰ যুৱক মনোজ গগৈ ঘটনাস্হলীতে মৃত্যু হয় আৰু অন্যজন যুৱক দিহিঙিয়া গাঁৱৰ ভাস্কৰ বৰুৱা গুৰুতৰ ভাৱে আহত হৈ ভৰিত যথেষ্টভাৱে আঘাটপ্ৰাপ্ত হয় | স্হানীয়লোকে ততাতৈয়াকৈ আঘাটপ্ৰাপ্ত যুৱক জনক জয়সাগৰ চিকিতসালয়লৈ নিয়ে যদিও ডাক্টৰে উন্নত চিকিতসাৰবাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে | আনহাতে দুৰ্ঘটনাত মৃত্যুহোৱা মনোজ গগৈ মলাগাঁৱৰ মাধৱ গগৈৰ পৰিয়ালৰ একমাত্ৰ সন্তান বুলি জানিব পৰা গৈছে | ইফালে ঘটনাহোৱাা ঠাইত স্হানীয় ৰাইজে আৰক্ষীৰ ওপৰত খৰ্গহস্তহৈ শিৱসাগৰ নাজিৰা পথ অবৰোধ কৰে | উল্লেখনীয় বিষয় যে উক্তঠাইতে ১৪ তাৰিখে হোৱা পথ দুৰ্ঘটনাত অঞ্চলটোৰ এজনলোকৰ মৃত্যু হৈছিল | পৰিস্হিতি শান্তহোৱাত হে আৰক্ষীয়ে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰবাবে শিৱসাগৰলৈ প্ৰেৰণ কৰে |
মুনীন্দ্ৰ নীথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *