Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰ হাঁ‌হচৰা চাংমাই গাঁ‌ওত ৫১ টা মেজিৰে ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি

শিৱসাগৰ হাঁ‌হচৰা চাংমাই গাঁ‌ওত ৫১ টা মেজিৰে ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি

শিৱসাগৰ হাঁ‌হচৰা চাংমাই গাঁ‌ওত ৫১ টা মেজিৰে ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৩ জানুৱাৰী

শিৱসাগৰ হাঁ‌হচৰা চাংমাই গাঁ‌ওত ৫১ টা মেজিৰে ভোগালী বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গাঁওবাসীয়ে | অঞ্চলটোত পোন প্ৰথমবাৰৰ বাবে একত্ৰিত হৈ প্ৰাক ভোগালী বিহু উদযাপন কৰিলে গাওঁবাসীয়ে আজি ৷
হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ হাঁ‌হচৰা চাংমাই গাঁ‌ৱত এইবাৰ সাজি উলিওৱা হৈছে ৫১টাকৈ মেজিৰ লগতে ভেলাঘৰো।
পোন প্ৰথম বাৰৰ বাবে হাঁ‌হচৰা চাংমাই গাঁ‌ৱৰ ৰাইজে ৰাইলুং চেতিয়া গাঁৱৰ সহযোগত এইবাৰ সমূহীয়াকৈ ভোগালী বিহুৰ লগত সংগতি ৰাখি অহা ১৫ আৰু ১৬জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী উদযাপন কৰিবলৈ লৈছে ভোগালী উৎসৱ ।
গাঁ‌ৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী,কণমানিৰ লগতে আইতাইও ওলাই আহিছে ভোগালীক আদৰিবলৈ৷বিহুগীত জুৰি আনন্দত আত্মহাৰা গাৱঁৰ ডেকা-বুঢ়া,জীয়াৰী-বোৱাৰী আৰু আইতাই। ভোগালীৰ কাম-কাজৰ ব্যস্ততাৰ মাজতো হাঁ‌হচৰা চাংমাই গাওঁ বাসীয়ে বিহুটিক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ পথাৰৰ ধান খেৰ নৰা কাটিছে কোনোৱে আকৌ মেজিৰ বাবে কাটিছে খৰি।দিনে-নিশাই ভোগালী বিহুৰ মেজি তৈয়াৰ কৰাৰ অন্তত এতিয়া ভোগালীৰ বিহৰ লগত সংগত ৰাখি পিঠা পনা ,গীত মাতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে বিহুৰ প্ৰাক ক্ষণত ৷
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *