Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱ এগৰাকী মিউজিচিয়ান আছিল, সেয়ে মই ভাল পাঁও : শিৱদৌলত জুবিন গাৰ্গ

শিৱ এগৰাকী মিউজিচিয়ান আছিল, সেয়ে মই ভাল পাঁও : শিৱদৌলত জুবিন গাৰ্গ

কাঞ্চনজংঘাৰ প্ৰচাৰত শিৱসাগৰত জুবিন; শিৱদ’লৰ ব্ৰাহ্মণৰ ওচৰত আৰ্শীবাদ ললে জুবিনে।

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২০ আগষ্ট : অহা ৬ ছেপ্তেম্বৰত মুক্তি পাব লগীয়া জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে আজি তিনিদিন ধৰি শিৱসাগৰত আছে জুবিন গাৰ্গ। শিৱসাগৰৰ বিভিন্ন স্থানত ছবিখনৰ প্ৰচাৰ কৰি আছে জুবিনৰ লগতে ছবি খনৰ বহু কেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে।

কাঞ্চনজংঘাৰ সাফল্য বিচাৰি আজি শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত পূজা কৰিলে জুবিন গাৰ্গ আৰু কাঞ্চনজংঘাৰ টীমে। শিৱদ’লৰ কুণ্ডত গাখীৰ ঢালি শিৱবাবাৰ আৰ্শীবাদ লয় জুবিনে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ব্ৰাহ্মণ সমাজক আৰু লগোনক লৈ জুবিনে কৰা মন্তব্যত জাঙুৰ খাই উঠিছিল ব্ৰাহ্মণ সমাজ। পৰৱৰ্তী সময়ত জুবিনে ব্ৰাহ্মণ সমাজৰ ওচৰত লিখিতভাৱে ক্ষমা খুজে আৰু সকলো বিতৰ্কৰ ওৰ পেলায় আজি জুবিনে শিৱ দ’লত পূজা কৰি পূজাৰীৰ ওচৰত আৰ্শীবাদ লয় এইদৰে।

“মই শিৱক ভাল পাও। মোৰ ছবি মিচন চাইনাত শিৱ মন্ত্ৰ ব্যৱহাৰ কৰিছো, কাঞ্চনজংঘাত ও হিমালয় মন্ত্ৰ ব্যৱহাৰ কৰিছো। শিৱ ট্ৰাইবেল ভগৱান আছিল। শিৱ এগৰাকী মিউজিচিয়ান আছিল, তেওঁ নৃত্য ও কৰিছিল। সেইবাবে মই শিৱক ভাল পাও”।
‘দেশৰ বিভিন্ন শিৱ মন্দিৰ মই দৰ্শন কৰিছো। শিৱসাগৰৰ ঐতিহাসিক শিৱ মন্দিৰত পূজা কৰি, মন্দিৰ দৰ্শন কৰি বহুত ভাল লাগিল বুলি মন্তব্য কৰে জুবিনে’।

জুবিনে লগতে কয়, তেওঁৰ পৰৱৰ্তী ছবি শিৱসাগৰত বনাব। আৰু সকলোকে ৬ ছেপ্তেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাব লগীয়া অসমীয়া ছবি কাঞ্চনজংঘা চাবলৈ আহ্বান জনায়।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *