Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শুৱালকুছিৰ নামত নকল বস্ত্ৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত জন-সজাগতা যাত্ৰা

শুৱালকুছিৰ নামত নকল বস্ত্ৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত জন-সজাগতা যাত্ৰা

শুৱালকুছিৰ নামত নকল বস্ত্ৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শিপিনি ব্যৱসায়ী আৰু আছুৰ প্ৰতিনিধিৰ নেতৃত্বত জন-সজাগতা যাত্ৰা ।

পঙ্কজ নাথ, চাংসাৰি, ৭ নবেম্বৰঃ

উত্তৰ পূৱৰ মানচেষ্টাচৰ খ্যাত তথা শিপিনি সকলে হাতে বোৱা পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰি বিশ্বৰ বুকুত সুকিয়াকৈ নিজৰ চিনাকি দিবলৈ সক্ষম হোৱা বস্ত্ৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগতোৰ ধ্বংস কৰাৰ উদ্যোশ্যে একাংশ অসাধু ব্যৱসায়ী হুবহো শুৱালকুছিৰ লেখিয়া পাট-টছৰ কাপোৰ বহি ৰাজ্যৰ পৰা অতি নিম্ন মানণ্ডৰ সূতা ব্যৱহাৰ কৰি তৈয়াৰ কৰি আনি শুৱালকুছিৰ বস্ত্ৰ বুলি অসমৰ বজাৰত বিক্ৰী কৰি গ্ৰাহকসকলক ৰামঠগন দিয়া ফলত শুৱালকুছিৰ অতি প্ৰচীন কুটিৰ শিল্পটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । বৰ্তমান যিধৰনে বহিৰাজ্যত তৈয়াৰ কৰি আনি (বেনাৰসী)এই নকল বস্ত্ৰ বিলাক শুৱালকুছিৰ বস্ত্ৰ বুলি অসাধু ব্যৱসায়ী সকলে বিক্ৰী কৰি আছে কিছুবছৰ পিচত হয়তো শুৱালকুছিৰ শিল্পটো বন্ধ হোৱাতো প্ৰায় নিশ্চিত । যোৱা প্ৰায় ১২ বছৰ মান পূৰ্বৰ পৰা এই অসাধু ব্যৱসায়ী সকলে নকল শুৱালকুছি বস্ত্ৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও ২০১৩ চনত এই নকল বস্ত্ৰ (বেনাৰসী) ব্যৱসায়ী সকলৰ বিৰুদ্ধে শুৱালকুছিৰ ৰাজপথত জংগি প্ৰতিবাদ হৈছিল । এই জংগী প্ৰতিবাদত কোটি কোটি টকাৰ বস্ত্ৰ ৰাজপথত স্থানীয় শুৱালকুছিৰ শিপিনি সকলে জ্বলাই প্ৰতিবাদ সাৱস্ত্য কৰিছিল । এই জংগী প্ৰতিবাদৰ পিচত অসাধু ব্যৱসায়ী সকলে কিছুদিনৰ বাবে বহিৰাজ্যৰ বেনাৰসী বস্ত্ৰ বিক্ৰী বন্ধ ৰাখিছিল যদিও লাহে লাহে পুনৰ অসাধু ব্যৱসায়ী সকলে বহিৰাজ্যত তৈয়াৰী বেনাৰসী বস্ত্ৰ বজাৰত মুকলিকৈ বিক্ৰী আৰাম্ভ কৰিছে । পুনৰ এই বেনাৰসী বস্ত্ৰ বজাৰত উভয়নদী হোৱাৰ ফলত শুৱালকুছিৰ শিল্পটো সংকটৰ সন্মুখিন হোৱাৰ লগতে শিপিনিসকলৰ পানীত হাহ নচৰা অৱস্থা হবলৈ ধৰিছে ।
এই গুৰত্ব পূৰ্ন বিষয়টোত ৰাজ্যৰ হস্ততাত বিভাগ তথা স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ গুৰুত্ব পূৰ্ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৌনতা অতি লজ্জাজনকৰ লগতে সন্দেহজনক ।
যাৰ পৰিনিতিত শুৱালকুছিৰ শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত পুনৰ শুৱালকুছিৰ শিপিনি সকলে ৰাজপথত প্ৰতিবাদত নামী পৰিব বাধ্য হৈছে ।এই প্ৰতিবাদৰ উদ্যোশ্যে আজি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত শুৱালকুছি শিপিনি সকলে গুৱাহাটী ফাচিবজাৰৰ অসাধু দোকান তথা ব্যৱসায়ী সকলক সকিয়নি দিয়াৰ লগতে অনাগত দিনত বহিৰাজ্যত তৈয়াৰ নকল বস্ত্ৰসমূহ যেন শুৱালকুছিৰ বস্ত্ৰ বুলি বিক্ৰী নকৰে তাৰ বাবে আজি আছুৰ নেতৃত্বত শুৱালকুছিৰ শিপিনৰ সহযোগত এই ব্যৱসায়ী সকলক সজাগ কৰাৰ বাবে জন-সজাগতা যাত্ৰা ওলোৱা হয় । ফাচিবজাৰৰ এই ব্যৱসায়ীসকল ক্ৰমে কিৰন চিল্ক চেন্টাৰ, আন্টীৰ দোকান, চেথী শাৰী চিল্ক হাউচ, মঞ্জু চিল্ক , হীৰা কালেকচনকে ধৰি কুমাৰ চিল্ক হাউচৰ দোকান কেইখনৰ মালিকসকলক শুৱালকুছিৰ বস্ত্ৰ উদ্যোকটো জীয়াই ৰখাৰ স্বাৰ্থত শুৱালকুছিত তৈয়াৰ কৰা শুৱালকুছি ট্ৰেড মাৰ্ক (SUALKUCHI’S) আৰু বাৰ্ড কোড চিহ্ন থকা কাপোৰ সমূহকে শুৱালকুছিৰ বুলি বিক্ৰী কৰাৰ বাবে আহ্বান জনাই । ইয়াৰ লগতে আজিৰ পৰা শুৱালকুছিৰ আৰ্হিৰত তৈয়াৰ কৰা নকল শুৱালকুছিৰ বস্ত্ৰ বিক্ৰী বন্ধ কৰিবলৈ সকিয়াই দিয়া হয় । আজিৰ এই জন-সজগতা যাত্ৰাত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা , শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু মনি দাস, সম্পাদক চিৰঞ্জীৱ দাস , শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক সৌৰভ দাস,শুৱালকুছি তাতশিল্পী উন্নয়ন সমিতিৰ সম্পাদক বিপুল চন্দ্ৰ বৈশ্য , বিশিষ্ট ব্যৱসায়ী কৈলেশ দাস, কৰ্ন বৰুৱা, শুৱালকুছি সাংবাদিক সন্থাৰ সম্পাদক পুলিন দাসে নেতৃত্ব গ্ৰহণ কৰে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *