Wednesday , June 19 2019
Home / আঞ্চলিক / শ্বহীদ হল ডিমু পালাৰাৰ কোব্ৰা ৰেজিমেন্টৰ জোৱান সুনীল কলিতা

শ্বহীদ হল ডিমু পালাৰাৰ কোব্ৰা ৰেজিমেন্টৰ জোৱান সুনীল কলিতা

ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ এইমছত চিকিৎসাধীন হৈ আছিল অসমৰ বীৰ জোৱানজন

উত্তৰ কামৰূপ , ১৪ জুন :
দেশ মাতৃৰ বাবে প্ৰান আহুতি দিলে পুনৰ এজন বীৰ জোৱানে । চি আৰ পি এফৰ ২০৯ নম্বৰ কোব্ৰা ৰেজিমেন্টৰ সুনীল কলিতা নামৰ জোৱানজন শ্বহীদ হল । সন্ত্ৰাসবাদীৰ ঘৃণনীয় কাম কাজক সকলোৱে একেমুখে গৰিহণা দিছে। ২৮ মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল অসমৰ বীৰ জোৱান জন।পিছত সংকটজনক অৱস্থাত দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছিল অসমৰ বীৰ জোৱান জনক। অৱশেষত মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা সুনীল কলিতাই মৃত্যুৰ ওচৰত হাৰ মানিলে ।ঝাৰখণ্ডৰ চৰাইকিলা জিলাত সংঘটিত হোৱা এই আক্ৰমণত দেশৰ পোন্ধৰ জনকৈ চিআৰপিএফৰ জোৱান আহত হৈছিল।এই আক্ৰমণতে অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ডিমুৰ পালাৰা গাঁৱৰ সুনিল কলিতাও গুৰুতৰভাবে আহত হৈছিল। এমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা সুনীল কলিতাৰ মৃত্যুত এতিয়া জন্ম গাঁৱৰ লগতে দেশ, ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। আনহাতে সুনীল কলিতাৰ বাসগৃহ ডিমুৰ পালাৰাত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *