Tuesday , January 28 2020
শেহতীয়া খবৰ
Home / মহানগৰ / শ্রীশ্রী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্মজয়ন্তী উদযাপন

শ্রীশ্রী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্মজয়ন্তী উদযাপন

ষ্টাফৰিপোৰ্টাৰ,,,২১ মে।।। “মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ আধ্যাত্মিক, সাংস্কৃতিক আদৰ্শক প্ৰতিষ্ঠা কৰাত যি সকল আতাপুৰুষে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল সেই সকলৰ অন্যতম, আৰু উজনিত প্ৰায় ২৪ খন সত্ৰ প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৩ সংখ্যক জন্মজয়ন্তী এইবেলি গুৱাহাটীস্থিত শ্ৰীমন্ত শংৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত ১৩, ১৪, ১৫ জুনত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।” মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই বিষয়ে সদৰী কৰে সেৱাসমিতিৰ কাৰ্যকৰী সভাপতি সোনাৰাম শৰ্মা বুঢ়াভকতে।তেওঁ কয়”- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত এই আয়োজনৰ লগত সংগতি ৰাখি এখনি অস্থায়ী আদৰ্শ সত্ৰ প্ৰতিষ্ঠা কৰা হ’ব। এইবাৰৰ বিশেষ আকৰ্ষণ হিচাপে গুৰু দুজনাৰ অংকীয়া নাট সমূহ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত বিভিন্ন সত্ৰানুষ্ঠানে পৰিবেশন কৰিব। তিনিওদিনতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে”। আনহাতে, এই অনুষ্ঠানতৰ লগত সংগতি ৰাখি এইবাৰ শ্রীশ্ৰী বদলা আতা বঁটা প্ৰদান কৰা হ’ব। এইবেলি এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে শ্রীশ্ৰী চাঙিলী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাথ লাগাচুক। বঁটাৰ লগত থাকিব অর্থৰ টোপোলা, অংগবস্ত্ৰ, শৰাই, আৰু স্মাৰক। বঁটাটি প্ৰদান কৰিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। উক্ত তিনিদিনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকেৰ লগতে কেইবাগৰাকীও বিশিষ্ট উপস্থিত থাকিব।’ আজিৰ সংবাদমেলত উপস্থিত থাকে সভাপতি জনাৰ্দন দেৱ গোস্বামী, মুখ্য সম্পাদক সুদৰ্শন ঠাকুৰৰ লগত অনুষ্ঠানৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি।

About Staff Reporter

চাব পাৰে

পাঞ্জাবাৰীত গণৰাজ্য দিবস পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গনৰাজ্য দিৱস অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *