Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী

শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী

*শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী*
*৩০ গৰাকী শিশুক বাৰগোপালক সেৱা*
*বালামুগকুছি গৰখীয়া থানৰ সভা মহোৎসৱৰ সামৰণি*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ ফেব্ৰুৱাৰী*

নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত বালামুগকুছিস্থিত গৰখীয়া থানৰ ত্ৰয়োদশ বাৰ্ষিক সভা মহোৎসৱৰ শুকুৰবাৰে নিশা কন্ঠশিল্পী বিদ্যাসাগৰ, প্ৰিয়ংকা কলিতাৰ সংগীতৰ লহৰ, চন্দন বৰপূজাৰীৰ বাঁহীৰ মূৰ্চ্চনা, ভূপেন তামুলী, লোহিত দাস নেতৃত্বাধীন ‘নমস্কাৰ কৌতুক গোষ্ঠী’ৰ কৌতুক প্ৰদৰ্শনেৰে সফল সামৰণি পৰে। ১৩ আৰু ১৪ ফেব্ৰুৱাৰী দুদিনীয়াকৈ আয়োজিত সভাত ব্যাপক কৃষ্ণভক্ত ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। কাৰ্যসূচীমতে প্ৰথম দিনা ৰাতিপুৱা ৬ বজাত দেউৰী বিমলা হালৈয়ে মন্দিৰৰ বন্তি গছি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে
উদযাপন সমিতিৰ সভাপতি ভৱেন হালৈয়ে সভাৰ পতাকা উত্তোলন কৰে, সভাৰ ছাঁট স্থাপন কৰে গৰখীয়া থানৰ সভাপতি কৰুণাকান্ত বৈশ্যই৷ বৃক্ষৰোপন কৰে অৱসৰী শিক্ষক ভূমিধৰ ডেকাই, স্থানীয় পঞ্চায়ত সভানেত্ৰী নমিতা দাস, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নগেন বৈশ্য, আঞ্চলিক সদস্য বংকিম শৰ্মা, প্ৰাক্তন পঞ্চায়ত সভাপতি নলিনী কান্ত শীল, ব্যৱসায়ী হীতেন ডেকা, প্ৰধান শিক্ষক ধৰণীধৰ তামুলী, অৱসৰী প্ৰধান শিক্ষক অশোক কুমাৰ শৰ্মা, সমাজসেৱক ধনশ্বৰ শৰ্মা, কালিন্দ্ৰ দাস, লোহিত চন্দ্ৰ কলিতা, মাধৱ দত্ত, শিক্ষক হেমন্ত শৰ্মাই। শ্বহীদ তৰ্পন কৰে নলবাৰী জিলা আছুৰ সভাপতি গুণজিৎ পাঠক, মাল্যাৰ্পন কৰে সাধাৰণ সম্পাদক অক্ষয় ডেকাই। ১০ বজাত গৰখীয়া সেৱা অনুষ্ঠান
হয়। অনুষ্ঠানত ৩০ গৰাকীৰো অধিক বাৰগোপালক পূজা অৰ্চনা কৰা হয়। ইয়াৰ পিছতে মানিক তহচিলদাৰ সোঁৱৰণি দিহানাম প্ৰতিযোগিতাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী আঞ্চলিক শাখাৰ সভাপতি হিতেশ বৈশ্যই। দুপৰীয়া সম্বৰ্ধনা অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাক সম্বৰ্ধনা জনোৱা হয়। আবেলি অনুষ্ঠিত সংকীৰ্ত্তণ প্ৰতিযোগিতাখন উদ্বোধন কৰে সমাজসেৱক যতীন কলিতাই। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আতচবাজী প্ৰদৰ্শনত প্ৰজ্বলক হিচাপে উপস্থিত থাকে মানৱ অধিকাৰ আৰু ভ্ৰষ্টাচাৰী মঞ্চৰ ৰাষ্ট্ৰীয় সম্পাদক পুলকেশ ৰায় মেধি আৰু বিশিষ্ট ব্যৱসায়ী দেৱপ্ৰকাশ ভাগৱতীয়ে। ইয়াৰ পাছতে মাল্যাৰ্পন অনুষ্ঠান মুকলি কৰে ষ্টেট বেংকৰ নলবাৰী বজাৰ শাখাৰ পৰিচালক ৰূপম হালৈয়ে, চিকিৎসক ডাঃ জয়ন্ত তামুলী, বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমেন চৌধুৰীয়ে। নিশা হৰিদাস ৰাজবংশী সোঁৱৰণি অসমীয়া গীতৰ আধাৰত হোৱা একক নৃত্য প্ৰতিযোগিতাখন উদ্বোধন কৰে সমাজসেৱক প্ৰভাত বৈশ্যই। দ্বিতীয় দিনা ৰাতিপুৱা ভেশচন প্ৰতিযোগিতা উদ্বোধন কৰে সমাজসেৱক প্ৰফুল্ল ভড়ালীয়ে, খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰী প্ৰধান শিক্ষক অম্বুনাথ বৈশ্যই। ইয়াৰ পাছতে কুমুদ তামুলীৰ পৰিচালনাত বিয়ানাম, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি দৰঙৰ পাঠক মহেশ ডেকা, কেন্দুকুছিৰ পাঠক হেমন্ত শৰ্মাই নাগাৰা নাম পৰিবেশন কৰে। অনুষ্ঠান উদ্বোধন কৰে অৱসৰী শিক্ষক লোহিত ডেকাই। নিশা উদযাপন সমিতিৰ মুখ্য সম্পাদক বাপুকন কলিতা আৰু যুটীয়া সম্পাদক অজয় বৈশ্যই আতঁ ধৰা মাধৱ বৈশ্য সোঁৱৰণি সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে সাপ্তাহিক বাতৰি কাকত ‘দাপোন’ৰ মুখ্য সম্পাদক প্ৰদীপ বৰ্মনে। ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়া খনি উদ্বোধন কৰে লোকশিল্পী মহেশ ডেকাই।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *