Sunday , December 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / শ্ৰী শংকৰদেৱ নেত্ৰালযত আলোচনা চক্ৰ সম্পন্ন

শ্ৰী শংকৰদেৱ নেত্ৰালযত আলোচনা চক্ৰ সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ, ১ ডিচেম্বৰ : শ্ৰী শংকৰদেৱ নেত্ৰালয় প্ৰাংগণত
শনিবাৰে “ৰিফ্ৰেক্তিভ ছাৰ্জাৰী এণ্ড প্ৰেক্টিছ এচতাব্লিছমেণ্ট” শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত মুখ্য অতিথি হিছাপে উপস্থিত থাকে মুম্বাইৰ জে জে হস্পিতালৰ চকুৰোগ বিশেষজ্ঞ ডা: শশী কাপুৰ। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসকত্ৰয় ডা:প্ৰফুল্ল শৰ্মা, ডা: বি. এম. আগৰৱাল আৰু ডা: স্বাহিনুৰ তায়ব। ডা: শশী কাপুৰে দূৰ দৃষ্টিৰ বিসংগতি থকা ব্য়ক্তিসকলৰ পক্ষে উল্লিখিত অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া কিদৰে লাভজনক হ’ব তাৰ এক বিশদ বাখ্যা আগবঢ়ায়। ইয়াৰ লগতে উপস্থিত বিশিষ্ট চিকিৎসকসকলে এনে বিষয়ৰ ওপৰত আলোকপাত কৰে য’ত তেওঁলোকে অগতানুগতিক ৰোগীসকলৰ চকু পৰীক্ষা কৰাৰ সুযোগ পায় আৰু লগতে বহুতো নতুত কথা শিকাৰো সুবিধা পায়। লেজাৰ, ৰিফ্ৰেক্টিভ অস্ত্ৰোপচাৰে চকুৰ অসুবিধা আগতকৈ বহুখিনি লাঘৱ কৰিছে যাৰ দ্বাৰা ৰোগীসকল বহুধৰণেৰে উপকৃত হৈছে বুলিও তেওঁলোকে উল্লেখ কৰে।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *