Friday , October 18 2019
শেহতীয়া খবৰ
Home / মহানগৰ / শ্ৰী শংকৰদেৱ নেত্ৰালয়ত বিশ্ব দৃষ্টি দিৱস পালন

শ্ৰী শংকৰদেৱ নেত্ৰালয়ত বিশ্ব দৃষ্টি দিৱস পালন

 

ষ্টাফৰিপৰ্টাৰ, ১০ অক্টোবৰ :
প্ৰতি বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি “বিশ্ব দৃষ্টি দিৱস” পালন কৰা হয়। ইয়াৰ সৈতে সংগতি ৰাখি শ্ৰী শংকৰদেৱ নেত্ৰালয়টো প্ৰতি বছৰে কিছু উল্লেখযোগ্য় কাৰ্যসূচী গ্ৰহণ কৰা হয়। এইবাৰৰ এই দিৱসত এক মাৰাথন আৰু খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিহৈ যায় য’ত প্ৰায় ১০০ জন চিকিৎসক, কৰ্মচাৰী, সমাজৰ বিভিন্ন বৰ্গৰ তথা বিভিন্ন বয়সৰ নাগৰিকে অংশগ্ৰহণ কৰে। মাৰাথনৰ শুভাৰম্ভ কৰে অসমৰ বিশিষ্ট সাতোৰবিদ এলভিছ আলি হাজৰিকাই। উল্লেখযোগ্য় যে এইজনা সুযোগ্য় অসম সন্তানে চলিত বছৰৰ আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। মাৰাথন তথা খোজকঢ়া প্ৰতিযোগিতাৰ লগতে “স্বচ্ছ ভাৰত অভিযান”ৰ সৈতে সংগতি ৰাখি হাস্পাটালৰ তৰফৰ ৰপৰা আন এক বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰা হয় য’ত হাস্পাটালৰ কৰ্মচাৰীসকলে হাস্পাটালৰ চৌপাশ তথা সম্মুখৰ পথ ঝাড়ু মাৰি চাফা কৰে আৰু দেশৰ প্ৰতি থকা কৰ্তব্য বোধৰ পৰিচয় দাঙি ধৰে।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় বাণিজ্য মেলাত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

  ষ্টাফৰিপৰ্টাৰ ১৬ অক্টোবৰ : উদ্যোগী মহিলা সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ বাণিজ্য বিভাগৰ অধীনত …

Leave a Reply

Your email address will not be published. Required fields are marked *