Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ

শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ

 

ষ্টাফৰিপৰ্টাৰ,,,,১৬ অক্টোবৰ।।।। ১৯৯৪ চনৰ ১৪ অক্টোবৰত আৰম্ভ হোৱা শ্ৰী শংকৰদেৱ নেত্ৰালয়ে ১৪ অক্টোবৰ তাৰিখে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান এলানিৰ আয়োজন কৰা হয়। বিভিন্ন বাৰে-ৰহণীয়া এই সাংস্কৃতিক সন্ধিয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী। অভিনেত্ৰী গৰাকীয়ে খেল আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহত পাৰদৰ্শিতা দেখুওৱা প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে। নিজৰ ভাষণৰ মাজতে এই বিশেষ মঞ্চতে তেওঁ নিজৰ চকুযুৰি দান কৰাৰ কথাও ঘোষণা কৰে। আদৰণী ভাষণ প্ৰদান কৰে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ তথা ট্ৰাষ্টী ডা: হৰ্ষ ভট্টাচাৰ্যীয়ে তেওঁ কয়” সুদুৰ ২৫ বছৰৰ আগতে মই অনুষ্টুপীয়াকৈ এই চিকিৎসালয়খন আৰম্ভ কৰিছিলো আৰু অনেক উত্থান-পতনৰ মাজেদি শ্ৰী শংকৰদেৱ নেত্ৰালয়ে আজি ২৫টা বৰ্ষ অতিক্ৰম কৰিলে। তেওঁ এই যাত্ৰাত যিকোনো প্ৰকাৰেৰে লগ হৈ যিসকল লোকে হস্পিতালখনক এই পৰ্যায় পোৱাত সহায় কৰিলে তেওঁলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে আন এজন ট্ৰাষ্টী কে মুট্টুস্বামীয়ে তেওঁৰ ভাষণত কিদৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ লোকসকলৰ চকুৰ চিকিৎসাৰ প্ৰয়োজন পূৰোৱাৰ বাবে খুব বিনম্ৰ এক প্ৰয়াসেৰে এই হাস্পতালখন আৰম্ভ কৰা হৈছিল এই বিষয়ে জানিবলৈ দিয়ে। লগতে হাস্পতালখনৰ সঞ্চালক (ক্লিনিকেল আৰু একাডেমিক্চ) ডা: কস্তুৰী ভট্টাচাৰ্যীয়ে হাস্পতালৰ এই যাত্ৰাত সন্তোষ প্ৰকাশ কৰে আৰু আগলৈ এই যাত্ৰা অধিক সুখকৰ হ’ব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য় যে ১৯৯৪ চনৰ এই দিনটোতে কাঞ্চী কামকোটী পীঠৰ শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদত সাধাৰণ জনগণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে শীমন্ত শংকৰদেৱৰ নামেৰে এই এই হাস্পতালখনি আৰম্ভ কৰা হৈছিল। অনুষ্ঠানত হস্পিতালৰ কৰ্মীবৃন্দ, চিকিৎসকসকলৰ উপৰিও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা আৰু পদ্মনাভ বৰদলৈ অতিথি হিচাপে উপস্থিত থাকি গীত পৰিবেশন কৰে।

About Staff Reporter

চাব পাৰে

অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

  ষ্টাফৰিপৰ্টাৰ: ১৬ নৱেম্বৰ: অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *