Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শ্ৰেষ্ঠ পূজা সমিতিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ পুৰস্কাৰ প্ৰদান

শ্ৰেষ্ঠ পূজা সমিতিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ পুৰস্কাৰ প্ৰদান

শ্ৰেষ্ঠ পূজা সমিতিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ পুৰস্কাৰ প্ৰদান।

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ১২ ছেপ্টেম্বৰ : প্ৰতি বছৰৰ দৰে এই বৰ্ষটো দুৰ্গা পূজা উপলক্ষে বোকাখাত মহকুমা প্ৰশাসনে পূজা সমিতিসমূহৰ বাবে বিশেষ পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। যিকেইখন পূজা সমিতিয়ে আইন -শৃংখলা,চাফ -চিকুনতা আদি সুন্দৰভাবে মানি পূজা উদযাপন কৰিব সেই পূজা সমিতিক পুৰস্কাৰ প্ৰদান কৰা হব। বিগত বৰ্ষত সুশৃংখলভাবে তথা চাফ চিকুনতাৰে পূজা উদযাপন কৰা তিনিখন পূজা সমিতিলৈ আজি বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত দুৰ্গা পূজাৰ উপলক্ষে আয়োজিত সভাত পুৰস্কাৰ প্ৰদান কৰা হয়। মহকুমাধিপতি বিবেক শ্যামে আজি মেঠনি চাহ বাগিচা পূজা মণ্ডপলৈ প্ৰথম পুৰস্কাৰ, শিলজুৰি কাকজুৰি পূজা সমিতিলৈ দ্বিতীয় পুৰস্কাৰ আৰু অন্নপূৰ্ণা পূজা মণ্ডপলৈ তৃতীয় পুৰস্কাৰ প্ৰদান কৰে।

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *