Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ষষ্ঠ স্থান দখলেৰে বৰপেটাৰ দুই শিক্ষাৰ্থীয়ে উজ্বলালে বৰপেটা চহৰৰ মান

ষষ্ঠ স্থান দখলেৰে বৰপেটাৰ দুই শিক্ষাৰ্থীয়ে উজ্বলালে বৰপেটা চহৰৰ মান

ষষ্ঠ স্থান দখলেৰে বৰপেটাৰ দুই শিক্ষাৰ্থীয়ে উজ্বলালে বৰপেটা চহৰৰ মান : :
ছেইন্ট মেৰিছ বিদ্যালয়ত উৎসৱমুখৰ পৰিবেশ ::

কঞ্জল দাস,বৰপেটা :– আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা চহৰৰ দুগৰাকী ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত ষষ্ঠস্থান লাভ কৰি চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ বৰপেটাৰ বাৰাদীস্থিত ছেইন্ট মেৰিছ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্ৰী ক্ৰমে ৰাজশ্ৰী পাঠক আৰু অভিপ্সা দাসে মুঠ ৫৮৮ নম্বৰকৈ লাভ কৰি ষষ্ঠ স্থান লাভ কৰে ৷ ছাত্ৰী দুগৰাকীৰ এনে সাফল্যত ছেইন্ট মেৰিছ ইংৰাজী বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ দুয়োগৰাকী ছাত্ৰী বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ বাসিন্দা ৷
ৰাজশ্ৰী পাঠক , পিতৃ ভাস্কৰ পাঠক ,সৰুপেটা জলসিঞ্চন গাননিক বিষয়া আৰু
মাতৃ ৰুনুমী হাজৰিকা পাঠক
নগাও বি, বিকে মহাবিদ্যালয়ৰ এছোচিয়েট প্ৰফেচৰ ৷ স্কুল থকা সময়ত দৈনিক ৪-৫ ঘণ্টাকৈ কিতাপ পঢ়া ৰাজশ্ৰীয়ে টি ভি খুব কমকৈ চাইছিল যদিও ইউ টিউৱ ৰ জৰিয়তে কিছুমান প্ৰেৰণা মূলক ভিডিও চাইছিল আৰু ভাইলিন বজাই খুবেই ভাল পাইছিল।
আনহাতে আন গৰাকী ছাত্ৰী অভিপ্সা দাস, পাঠশালা জলসিঞ্চন সংমণ্ডলৰ ডেপুটি এগ্ৰ’নিষ্ট অমিয় কুমাৰ দাস আৰু ফুলকুমাৰী দাসৰ জীয়ৰী।

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *