Monday , June 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / সংযুক্তা লাইফৰ সৈতে এমাজনৰ ব্যৱসায়িক বন্ধুত্ব

সংযুক্তা লাইফৰ সৈতে এমাজনৰ ব্যৱসায়িক বন্ধুত্ব

 

 

 

 

ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, অসমৰ এগৰাকী উদ্যোগী মহিলা তথা ইটাচ এণ্টাৰপ্ৰাইছৰ স্বত্বাধিকাৰী সংযুক্তা দত্ত ইতিমধ্যে এগৰাকী সুস্বাদু খাদ্য প্ৰস্তুত কাৰী হিচাপে সমাদৰ লাভ কৰিছে। কিন্তু নিজকে আৰু অধিক স্বাৱলম্বী আৰু উদ্যোগী ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে সংযুক্তাই ২০১৫ চনত আমাজনৰ সৈতে জড়িত হৈছিল আৰু ইয়াৰ পিছতে যেন সলনি হৈছিল ভাগ্যৰ চকৰি। মাত্ৰ ৪বছৰৰ ভিতৰতে সংযুক্তা যেন আয়ত্ত কৰি লৈছিল ব্যৱসায়ৰ নতুন কৌশল।এতিয়া গুৱাহাটীৰ দহটা স্থানত দৈনিক ৮০-১০০টা বিভিন্ন সুস্বাদু খাদ্যৰ পেকেট যোগান ধৰি আহিছে সংযুক্তা ৰ তৰফৰ পৰা ।আনহাতে অসমৰ ওপৰিও ৩ খন ৰাজ্য অৰুণাচল প্ৰদেশ, মণিপুৰ, পশ্চিমবঙ্গ, আৰু ভাৰত ভূটান সীমান্তৰ ২৮টা স্থানত যোগান ধৰি আহিছে সংযুক্তা ফুডৰ তৰফৰ ।আনহাতে সংযুক্তাৰ ব্যৱসায় আগুৱাই নিয়াত সহায় কৰিছে প্ৰায়১৫০জন ডেলিভাৰীয়ে।
সংযুক্তাৰ এনে সফলতাক লৈ স্বভাবিকতে উৎফুল্লিত হৈ পৰিছে এমাজন ইণ্ডিয়া আৰু সংযুক্তা। এই সন্দৰ্ভত এমাজন ইণ্ডিয়াৰ তৰফৰ পৰা জনাই যে কেৱল ব্যৱসায়ীক লাভৰ প্ৰতি গুৰুত্ব নিদি স্বাৱলম্বীতাৰ ক্ষেত্ৰততো কাম কৰি আহিছে এমাজন। ইতিমধ্যে এমজনে উত্তৰ পূৰ্বাঞ্চলত ৩০টা ব্যৱসায়ীক প্ৰতিস্থানৰ লগত বন্ধুত্ব গঢ়ি উঠিছে আনহাতে পৰৱৰ্তী সময়ত দেশৰ পৰা৫০০খন মহানগৰত ৭০০ ব্যৱসায় প্ৰতিষ্ঠানৰ লগত ব্যৱসায়িক বন্ধুত্ব গঢ়াৰ পৰিকল্পনা কৰিছে।

About Staff Reporter

চাব পাৰে

ভাৰতৰ অফলাইন বজাৰত মুকলি হ’ল ৰীয়েলমী চি২

  ষ্টাফ ৰিপোৰ্টাৰ ।।। ১১ জুন,,,, ভাৰতৰ শীৰ্ষস্থানৰ মানদণ্ডযুক্ত স্মাৰ্টফোন ব্ৰেণ্ড ৰিয়েলমীয়ে মঙলবাৰে গুৱাহাটীত এখন …

Leave a Reply

Your email address will not be published. Required fields are marked *