Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা সম্পন্নঃ

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা সম্পন্নঃ

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা সম্পন্নঃ
পৰমানন্দ দাস সভাপতি আৰু পৰশ জ্যোতি দাস সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২ ডিচেম্বৰ : শিৱসাগৰ নগৰৰ মাজমজিয়াত যুৱদ’লৰ প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হৈ যায় সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা । সাধাৰণ সভাৰ পূৰ্বে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দ্বাৰা এখনি মুকলি সভাৰ আয়োজন কৰা হয় | শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মৃদুল দাসে আতঁ ধৰা মুকলি সভাৰ সভাপতিত্ব কৰে পৰশ জ্যোতি দাসে | কেন্দ্ৰীয় সমিতিৰ সভাপতি ডা° হৰিকান্ত দাস, সাধাৰণ সম্পাদক পৰমানন্দ দাস, অ’ এন জি চিৰ কৰ্মচাৰী কল্যাণ পৰিষদৰ সম্পাদক জগৎ হাজৰিকা, সদস্য দ্বীপেন দাস, প্ৰাক্তন আছু কৰ্মী হেমেন দাসকে প্ৰমূখ্য কৰি বিশিষ্ট সাংবাদিক অপূৰ্ব ভূঞা, যদুমণী দত্ত উপস্থিত থাকি অসমৰ জাতীয় সমস্যাৰ লগতে অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ সমুহৰ বিশদ আলোচনা কৰি সমাধানৰ ক্ষেত্রত চৰকাৰক দৃষ্টিগোচৰ কৰাৰ লগতে পিচপৰা জাতিটোক আগবঢ়ায় নিয়াৰ সংকল্প লয় | মুকলি সভাৰ পিছত ৰাতিলৈ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা অনুষ্ঠিত কৰা হয় | উক্ত সভাত পুৰণি কেন্দ্ৰীয় সমিতি ভংগ কৰি নতুন সমিতি নিৰ্বাচিত কৰা হয় | অসমৰ কেওখন জিলা সমিতিৰ পৰা প্ৰেৰিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সাধাৰণ প্ৰতিনিধিমূলক সভাত পূৰ্বৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসক সভাপতি আৰু পৰশজ্যোতি দাসক সাধাৰণ সম্পাদক ৰূপে নিৰ্ব্বাচিত কৰাৰ লগতে পূৰ্বৰ কেন্দ্ৰীয় সভাপতি ডা° হৰিকান্ত দাসক সন্থাৰ মূখ্য উপদেষ্টাৰ পদত সভাই অধিষ্ঠিত কৰে | ইয়াৰ উপৰিও প্ৰবীণ দাস, পিংকু দাস, ৰূপক দাস অৰু বিপুল দাসক উপ-সভাপতি, দিপাংকৰ দাসক মুখ্য সাংগঠনিক সম্পাদক , জগদীশ দাস, মনোজ মোহন দাস আৰু হৰেন দাসক সহ:সম্পাদক ৰূপে নিৰ্ব্বাচিত কৰি এক শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰে | প্ৰতিনিধি সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰোপৰি অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ বাবে চৰকাৰক তীব্ৰ দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পোৱা ভুৱা জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত নতুন সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সদৌ অসম অনুসূৱিত জাতি ছাত্ৰ সন্থা সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে এক প্ৰেছ বাৰ্তাত জানিবলৈ দিছে |

অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *