Friday , February 28 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাটৰ বিশাল ৰাজবংশী শ্ৰেষ্ঠ বক্সাৰ খিতাপ

সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাটৰ বিশাল ৰাজবংশী শ্ৰেষ্ঠ বক্সাৰ খিতাপ

সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাটৰ বিশাল ৰাজবংশী শ্ৰেষ্ঠ বক্সাৰ খিতাপ : গোলাঘাট ,৫ আগষ্ট : বিগত মাহৰ ২৫ জুলাইৰ পৰা ২৭ জুলাইলৈকে সাৰ নগৰী নামৰূপত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত অসম এমেচাৰ বক্সিং সন্থা গোলাঘাট জিলা শাখাৰ বিশাল ৰাজবংশীয়ে সোণৰ পদক লাভ কৰে। ৫৬ কেজিত প্ৰতিদ্বন্দিতা কৰা বিশালে প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ বক্সাৰৰ সন্মানো লাভ কৰিবলৈ সক্ষম হ’য়। গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ চৌহদত অৱস্থিত বক্সিং প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষক নিতুমনি ডেকাৰ তত্বাৱধানত বিশালে দৈনিক প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পুৰণা আমোলাপট্টি নিৱাসী জিতেন ৰাজবংশীৰ সন্তান বিশালৰ এনে সফলতাত অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে।

About Staff Reporter

চাব পাৰে

পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ। অসমৰ দুই মহিলা পাৱাৰ লিফটাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *