Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতাত শিৱসাগৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান

সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতাত শিৱসাগৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান

সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতাত শিৱসাগৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান ।

ফাৰ্ষ্ট নিউজ ৰিৰ্পট , শিৱসাগৰ ৩০ আগষ্ট : সদৌ অসম ভিত্তি অনুষ্ঠিত সাতোঁৰ প্ৰতিযোগিতাত শিৱসাগৰৰ দলে তৃতীয় স্থান লাভ কৰিছে | গোলাঘাট সাতোঁৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা “সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতাখনি সফলতাৰে সম্পন্ন হয় । এই প্ৰতিযোগিতাখনিত শিৱসাগৰ দলটোৱে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হৈছে । প্ৰথম শ্ৰেষ্ঠ দল হিচাপে গোলাঘাট আৰু দ্বিতীয় শ্ৰেষ্ঠ দল যোৰহাট বিবেচিত হয় | প্ৰতিযোগিতাখনিত শিৱসাগৰ চুইমিং চছাইটিৰ পৰা ১৯ গৰাকী সাতোঁৰ বিদে অংশগ্ৰহণ কৰিছিল । শিৱসাগৰ চুইমিং চছাইটিৰ কেইবাজনো সাতোঁৰ বিদে সোণ ,ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িওৱা লগতে সাতোঁৰ প্ৰশিক্ষণ কেন্দ্ৰটোলৈ সুখ্যাতি আনিবলৈ সক্ষম হয় । শিৱসাগৰ চুইমিং চছাইটিৰ প্ৰাৰ্থ দত্তই লৰাৰ তৃতীয় শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ,শৌৰ্য্য চাংমাইয়ে লৰাৰ পঞ্চম শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু অম্বেষা খনিকৰে ছোৱালীৰ পঞ্চম শাখাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বুটলিবলৈ সক্ষম হয় | শিৱসাগৰ চুইমিং চছাইটিৰ সাতোঁৰ প্ৰশিক্ষক লক্ষী গগৈ আৰু পলাখ বৰুৱাই শিৱসাগৰ দলটোৰ তত্বাৱধানত খেলুৱৈ সকলে গোলাঘাটত অনুষ্ঠিত সদৌ অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল বুলি শিৱসাগৰ চুইমিং চছাইটিৰ সভাপতি যাদৱ গোস্বামী আৰু সম্পাদক অমূল্য বৰুৱাই জানিবলৈ দিয়ে ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰ ছেপাকটাক্ৰ’ সন্থা গঠন

শিৱসাগৰ ছেপাকটাক্ৰ’ সন্থা গঠন ফাৰ্ষ্ট নিউজ, শিৱসাগৰ,১৪ ছেপ্টেম্বৰ : অসম অলিম্পিকত অনৰ্ভুক্ত হোৱা ছেপাকটাক্ৰ’ নামৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *