Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন দেওবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ’ব। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন, পুৱা ১০ বজাৰ পৰা সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতা খন বিশিষ্ট গীতিকাৰ ড০ লক্ষহীৰা দাসৰ গীতৰ আধাৰত অনুষ্ঠিত কৰা হ’ব। প্ৰতিযোগিতা খন উদ্বোধন কৰিব ইলা শৰ্মাই। বিয়লি ২ বজাত অনুষ্ঠিত হ’ব লগীয়া সভাখন উদ্বোধন কৰিব সুনীতি সোণোৱালে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মাইনী মহন্ত । আলোচনাৰ বিষয় হৈছে ” অসমীয়া সমাজ জীৱনত প্ৰচলিত মৌখিক সাহিত্য”। তাৰ পাছত হিৰণ্য চৌধুৰী সোঁৱৰণি বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সকলে এক বিবৃতি যোগে জনাইছে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *