Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সমাজৰ বাবে যিয়ে সহায় নকৰে সেইজন মানুহৰ শাৰীত নপৰেঃ ডঃ পৰমানন্দ সোনোৱাল

সমাজৰ বাবে যিয়ে সহায় নকৰে সেইজন মানুহৰ শাৰীত নপৰেঃ ডঃ পৰমানন্দ সোনোৱাল

সমাজৰ বাবে যিয়ে সহায় নকৰে সেইজন মানুহৰ শাৰীত নপৰেঃ ডঃ পৰমানন্দ সোনোৱাল

ডিব্ৰুগড়ত জাকাত বিতৰণ

চাবুৱাঃ ১২ চেপ্তেম্বৰঃ ডিব্ৰুগড়ত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ উদ্যোগত আজি স্থানীয় গাৰ্ডেন ট্ৰীট হোটেলত জাকাত ৰ ধন আৰু সামগ্ৰী বিতৰণ কৰা হয় । অনুষ্ঠানৰ আৰম্ভণি তে দোৱা কৰে দাৰুল উলুম মাদ্ৰাছৰ অধ্যক্ষ আলহজ মৌলানা আইনান জুৱেৰীয়ে ।সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক তথা অৱসৰ প্ৰাপ্ত শিক্ষক নাচিৰ চুলতানে। সভাত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধাপক ডাক্তৰ ছাজিদ আহমেদে কয় যে 2010 চনতে স্থাপন হোৱা এই অনুষ্ঠানটিয়ে বিগত বছৰ বোৰৰ এইবাৰো যি অভূতপূৰ্ব সঁহাৰি ৰাইজৰ পৰা লাভ কৰিছে সেয়া শলাগিবলগীয়া ।তেওঁ প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত মিছনৰ কথা উল্লেখ কৰি কয় যে আমি সকলোৱে অহা দুই অক্টোবৰৰ পৰা প্লাষ্টিক সামগ্ৰী বৰ্জন কৰি এই অভিযান সফল কৰি তুলিব লাগে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে কয় যে সমাজৰ বাবে যিয়ে হিত চিন্তা নকৰে,অৰ্থনৈতিক ভাৱে সৱল কৰিবলৈ দুখীয়াক যিয়ে সহায় নকৰে,দুখীয়াৰ প্ৰতি যাৰ দৰদ নাই,মানৱ কল্যাণৰ বাবে যিয়ে পৱিত্ৰ মন লৈ আগুৱাই নাহে, মানুহে মানুহৰ বাবে যিয়ে নেভাৱে আচলতে সেইবোৰ মানুহৰ শাৰীত নপৰে ।ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনে এই ক্ষেত্ৰত যি জাতি ধৰ্ম বৰ্ণৰ বাচ বিচাৰ নকৰি যি সহায় আগবঢ়াইছে তাৰ প্ৰতি তেওঁ শলাগ লয় আৰু অহা বাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান পাতিবলৈ অনুৰোধ জনায় ।বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন বাগাড়ীয়া, পৌৰ সদস্য ডাক্তৰ ছইকেট পাত্ৰ, সাংবাদিক ৰতন হাজৰিকা, সাংবাদিক সঞ্জীৱ নন্দী,ডিব্ৰুগড় বি জে পি ৰ প্ৰতিস্থাপক স্বৰ্গীয় অশোক কুমাৰ মিত্ৰৰ পত্নী ছায়া মিত্ৰ আদিয়ে ভাষন দিয়ে। সাংবাদিক ৰতন হাজৰিকাই ভাষণ প্রসংগত কয় যে তেওঁৰ এটা জটিল ৰোগত কেন্দ্ৰীয় জাকাত ফাণ্ডৰ পৰা যি সহায়ৰ হাত সেই সময়ত আগবঢ়াইছিল সেয়া কেতিয়াও নাপাহৰে ।ডিব্ৰুগড় বি জে পিৰ প্ৰতিস্থাপক স্বৰ্গীয় অশোক কুমাৰ মিত্ৰৰ পত্নীও আবেগিক হৈ তেওঁৰ জীয়েক গায়ত্ৰী মিত্ৰক পঢ়া শুনাৰ বাবে আৰু আৰ্থিক ভাৱে যি সহায় আগবঢ়ালে তাৰ প্ৰতি শলাগ লয় । যোৱা ৮ ছেপ্টেম্বৰত বিশিষ্ট নাট্যকাৰ, অভিনেতা, জ্যোতি বিষ্ণু ভূপেন দাৰ সান্নিধ্য লাভ কৰা, অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক হাচান শৰীফ আহমেদৰ মৃত্যুত এক মিনিট মৌনতা অৱলম্বন কৰা হয় । ২০১০ চনত মৰহুম আলহজ ৰিয়াজুল হুছেইনে আৰম্ভ কৰা এই অনুষ্ঠানৰ জৰিয়তে সমাজৰ দুখীয়া, গৰিব, অসহায় হিতাধিকাৰীক চিলাই মেচিন,দুই চকা যুক্ত মোবাইল দোকান, ঠেলা, ৰিক্সা,ঘৰ দুৱাৰ,শিক্ষা, বাণিজ্য, চিকিৎসা, বিয়াবাৰু আদি শিতানত এই জাকাত আৰু ইমদাদৰ ধন বিতৰণ কৰা হয় ।যোৱা বছৰৰ পৰা এতিয়ালৈকে প্ৰায় ১২ লাখ মান টকা জাকাত আৰু ইমদাদ হিচাবে বিতৰণ কৰা হৈছে ।এই বছৰ ইমদাদ ফাণ্ড ৰ ধন মনোজ ,টেৱাৰী,স্বপ্নানিতা বৰা, অৰুণ বাৰ্মা, ভানু চেতিয়া, গায়ত্ৰী মিশ্ৰ আদিকে ধৰি ১৪ গৰাকী হিতাধিকাৰীক ধনৰ চেক প্ৰদান কৰা হয় । ট্ৰাষ্টৰ সভাপতি ডাক্তৰ ছাজিদ আহমেদে ট্ৰাষ্টৰ কুৰি গৰাকী সদস্যই যি কষ্টৰে সমাজৰ ধনী ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰি দুখীয়া সকলক বিতৰণত সহায় কৰিলে তাৰ বাবে ট্ৰাষ্টৰ সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে । শেষত শলাগৰ শৰাই আগবঢ়ায় আব্দুল খালেকে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *