ষ্টাফৰিপৰ্টাৰ ,২৬ নৱেম্বৰ : পশুপালন খাদ্য, শিক্ষা স্বাস্থ্য যতনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা ভাণ্ডাৰী গ্ৰুপে ছালৰ যতনৰ ক্ষেত্ৰত কেতবোৰ প্ৰাকৃতিক সমগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। তাৰে পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকক বাবে “লাছিকা”শীৰ্ষক এক সম্পূৰ্ণ নিৰাপদ আৰু প্ৰাকৃতিক সামগ্রীৰে তৈয়াৰী ছালৰ যতনৰ সামগ্ৰী উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে ভাণ্ডাৰী গ্ৰুপে মঙলবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে মুকলি কৰে। সংবাদ মেলত উপস্থিত থাকি ভাণ্ডাৰী গ্ৰুপৰ
উপ-সভাপতি সত্যজিৎ ৰয়ে কয়”-আমি ছালৰ প্ৰকাৰ অনুযায়ী আমাৰ সামগ্ৰী সমূহ তৈয়াৰ কৰিছোঁ। আমাৰ সামগ্রী সম্পূৰ্ণ নিৰাপদ আৰু পেৰাবিনমুক্ত”। মাইশ্বৰাইযাৰ,ফেছ ৱাছ, চিৰাম আদিকে ধৰি কেইবাবিধো সামগ্ৰী অমি আমাৰ ইয়ায় উপলব্ধ হ’ব। আনহাতে, এই সন্দৰ্ভত উপ সভাপতি আদৰ্শ কোচাৰে কয়-” প্রায় তিনি বছৰ পৰিকল্পনাৰ অন্তত আমি লাছিকা এক প্ৰাকৃতিক স্কীন কেয়াৰ প্ৰসাধন আনিবলৈ সক্ষম হৈছোঁ।আমি উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা সকলক ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন দিয়াৰ বাবেও পৰিকল্পনা কৰিছোঁ”। উল্লেখযোগ্য যে, ২০২৫ বৰ্ষৰ ভিতৰত ২০০০ কোটিৰ অধিক অর্জন কৰাৰ বাবে ভাণ্ডাৰী গ্ৰুপে পৰিকল্পনা প্ৰস্তুত কৰিছে। লাছিকা স্কীন কেয়াৰৰ সামগ্ৰী সমূহ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে ৱেবচাইটৰৰ যোগেদি লাভ কৰিব পাৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। সংবাদমেলত চেলছ মেনেজাৰ নীলু ৰঞ্জন ঘোষ উপস্থিত থাকে।