Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সম্প্ৰীতিৰ উদ্যোগত “ভোগালী মেলা”

সম্প্ৰীতিৰ উদ্যোগত “ভোগালী মেলা”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,, ১২ জানুৱাৰী।।।। সম্প্ৰীতিৰ উদ্যোগত ১২ জানুৱাৰী পৰা তিনিদিনীয়াকৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে। উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৫ জানুৱাৰী লৈ চলিবলগীয়া এই ভোগালী মেলাখন শনিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা সমাজকর্মী ড০ সূচিত্রা কাকতিয়ে। ৩০ খন বিপনি যুক্ত এই মেলাখনত ডিব্ৰুগড়, যোৰহাট, হাজোৰ লগতে বিভিন্ন জিলাৰ আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰিছে। এই মেলাৰ মূল আকৰ্ষণৰ হৈছে ঢেঁকী, থিতাতে বনোৱা বিভিন্ন পিঠাপনাকে ধৰি নানা ধৰণৰ বস্ত্ৰ তথা অন্যান্য সামগ্ৰী। উল্লেখ আজি এই মেলাৰ লগত সংগতি ৰাখি সম্প্ৰীতিয়ে আয়োজন কৰে চিত্ৰাংকন প্ৰতিযোগিতা। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সম্প্ৰীতিৰ সভাপতি বিনীতা দত্ত চৌধুৰী, অৰূপ চৌধুৰী আদি।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *