Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / সম্প্ৰীতিৰ এনাজৰীৰ স্বাক্ষৰঅসমৰ প্ৰাচীনতম বৰনদ্দীৰ৫১৯ বছৰীয়া দূৰ্গাপূজা 

সম্প্ৰীতিৰ এনাজৰীৰ স্বাক্ষৰঅসমৰ প্ৰাচীনতম বৰনদ্দীৰ৫১৯ বছৰীয়া দূৰ্গাপূজা 

সম্প্ৰীতিৰ এনাজৰীৰ স্বাক্ষৰঅসমৰ প্ৰাচীনতম বৰনদ্দীৰ৫১৯ বছৰীয়া দূৰ্গাপূজা

● দিগন্ত বৰ্মন, পশ্চিম নলবাৰী ৫,অক্টোবৰ,  নলবাৰীৰ  জিলাৰ  বৰনৰ্দ্দী এখন ঐতিহ্যমণ্ডিত  গাও।ইতিহাসৰ আত ধৰি আজিৰ পৰা কেবাশ বছৰ আগতে সুদুৰ কণৌজৰ পৰা ভূঞা  পৰিয়ালৰ বংশৰে নীলকন্ঠ ভূঞাক আহোম ৰজাই ৰায়বৰুৱা খিতাপ দি বৰনদ্দী অঞ্চলত  প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা বৰনদ্দীত দূৰ্গাপূজা উদযাপনৰ ধাৰাবাহিকতা অক্ষুন্ন আছে।।আজিৰ পৰা ৫১৮ বছৰ পূৰ্বে বৰনৰদ্দীৰ প্ৰাতঃস্মৰণীয়ধৰ্ম প্ৰাণ ব্যক্তি সকলে শাৰদীয় ঋতুত শুভাৰম্ভ কৰে শ্ৰীশ্ৰী দূৰ্গা পূজাৰ  । পিছলৈ ইখন বৰনদ্দী পূজাখোলা চুবুৰীৰ     দূৰ্গাপূজা        ৰূপে পৰিগনিত হয়।তাহানিৰ দিনৰে পৰা এক গভীৰ ধৰ্মীয় পৰিবেশত ধাৰাবাহিক ভাবে  দেবীৰপূজা ভাগ অনুষ্ঠিত কৰি  আহিছে। এইবেলিও বৰ্ণাধ্য কাৰ্যসূচীৰে  ৫১৯ তম মা দেবীৰ পূজাভাগ সভক্তিৰে ৪অক্টোবৰৰ  পৰা৮অক্টোবৰলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰাহৈছে।বৰ্ষীয়ান সমাজসেৱক তথা শিক্ষাবিদ ভগবান চন্ৰ ডেকাক মুখ্য উপদেষ্টা হিচাপে লৈ সমগ্ৰ অঞ্চচলটো  ৰাইজ মিলি ধৰ্ম,বৰ্ন নিৰ্বীশেষে পূজা ভাগ সমাপন কৰা হব। ।সম্প্ৰতি পূজাখনত কোনো উদ্ যাপন সমিতিৰ ব্যবস্হা নাই।  বিভিন্ন কাৰ্যসূচী অনুসৰি পূজাৰ আটাই কেইদিনতে শ্ৰীশ্ৰীদূৰ্গা পূজাৰ

ষষ্ঠীৰ পৰা আৰম্ভ কৰি দশমীলৈ যথা ৰীতি মতে পূজা ভাগ সমাপন কৰা হব। ষষ্ঠীৰ দিনা সন্ধিয়া ৬বজাত সায়ংকালে দেবীৰ বোধন  আমন্ত্ৰণ আৰু অধিবাসেৰে   আৰম্ভ কৰা পূজাৰ আটাইকৈইদিনতে      দেবী   বন্দণা আয়তীৰনাম , আতচবাজী আৰতী প্ৰদান,সন্ধিপূজা,নাগাৰা নাম,হোম শান্তী প্ৰদান,,অপৰাজিতা পূজা,সমুহীয়া প্ৰাৰ্থণা,শান্তী প্ৰদান,ধৰ্মীয় শোভাযাত্ৰাৰে দেৱী বিসৰ্জন,দ     প্ৰসাদ ,ভোগ বিতৰণ  আদি কাৰ্যসূচী                সমাপন হব।            উল্লেখ যে প্ৰতি বছৰেউক্ত পূজা থলিত পূজাৰ আটাই কেইদিনতে     সহস্ৰাধিক ভক্তপ্ৰাণ ৰা ইজে পৰবৰ্তী বছৰত মা দেবীৰ পূজাভাগ সম্পাদন কৰাৰ মান স কৰি দূৰ্গা পূজাৰ বিভিন্ন উপচাৰ আৰু দান বৰঙণি ভক্তিভাবে দেৱীৰ ওচৰত আগবঢ়ায় নিজকে ধন্য মানি আহিছে। । মনকৰিবলগীয়া কথা হ’ল পূজা খনত ৰাইজৰ ঘৰে ঘৰে গৈ বা ব্যক্তিৰ পৰা  চন্দা সংগ্ৰহ কৰাৰ প্ৰথা নাই।ইয়াত ৰাইজে স্ব ইচ্চাই চান্দাঁ আৰু  মানস কৰে । পূজা খনৰ ই এক ব্যতিক্ৰমী প্ৰথা ।।

______________________________

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *