Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সাংবাদিকৰ জীৱন বীমা কৰিব ৰাজ্য চৰকাৰে

সাংবাদিকৰ জীৱন বীমা কৰিব ৰাজ্য চৰকাৰে

সাংবাদিকৰ জীৱন বীমা কৰিব ৰাজ্য চৰকাৰে

গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুন।।অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগে ৰাজ্যখনৰ সাংবাদিক আৰু তেওঁলােকৰ পৰিয়ালৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ “সাংবাদিক বীমা আঁচনি’ কার্যকৰী কৰাৰ প্রস্তুতি চলাইছে। আগন্তুক স্বাধীনতা দিৱসত এই আঁচনি কার্যকৰী কৰি তােলাৰ উদ্দেশ্যে প্রস্তুতি চলাইছে চৰকাৰে। বৃহস্পতিবাৰে জনতা ভৱনত জনসংযােগ বিভাগৰ সাংবাদিক সংগঠনসমূহৰ সৈতে অনুষ্ঠিত হােৱা এক গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত কৰা হয়। অসম চৰকাৰৰ জনসংযােগ বিভাগৰ অধীনত পঞ্জীয়নভুক্ত সকলাে এক্রিডিয়েশ্বন আৰু ৰিকগনেশ্বন স্বীকৃতিপ্রাপ্ত সাংবাদিকক এই আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰা হ’ব। গুৱাহাটী চহৰৰ উপৰি জিলাৰ সদৰ আৰু মফছল এলেকাৰ সাংবাদিককো এই আঁচনিত অন্তর্ভুক্ত কৰা হ’ব। প্রতিটো জিলা আৰু মহকুমা জনসংযােগ বিভাগে শীঘ্ৰে সাংবাদিকসকলৰ তথ্য সংগ্রহ কৰি এই আঁচনি কার্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। সাংবাদিকৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে এই আঁচনি কার্যকৰী কৰাৰ সিদ্ধান্ত লােৱাত ৰাজ্যখনৰ সাংবাদিকসকলে সন্তোষ প্রকাশ কৰিছে।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *