Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ কঠোৰ সাংবাদিক

সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ কঠোৰ সাংবাদিক

 

ষ্টাফৰিপৰ্টাৰ, ২২ মাৰ্চ, গুৱাহাটীৰ গণেশগুৰিৰ এখন ৰেষ্টোৰাঁত বৃহস্পতিবাৰে সংঘটিত সাংবাদিক চক্ৰপাণি পৰাশৰৰ নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিছে ইউনাইটেড টেলিভিছন মিডিয়া এছ’ছিয়েছন , চমুকৈ উটমাই । সন্থাৰ সভাপতি পংকজ শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক প্ৰতিবাদী সভাত সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰে জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সংস্থাটোৱে । অন্যথা অদূৰ ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো সিদ্ধান্ত লয় উটমাই । আইনৰ সুৰুঙাৰে দোষী যাতে সাৰি যাব নোৱাৰে সেই কথা লক্ষ্য ৰাখি সভাৰ পৰিসমাপ্তিত সন্থাই আজি এখন এজাহাৰ দাখিল কৰে দিছপুৰ থানাত । এই লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে সন্থাই। সাংবাদিক পৰাশৰৰ নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে সকলো সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও সন্থাই দাবী জনোৱাৰ সিদ্ধান্ত লয় এই সভাত । প্ৰয়োজন সাপেক্ষে এই ক্ষেত্ৰত নতুন আইন প্ৰণয়নৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনোৱাৰ সিদ্ধান্ত লয় সন্থাই । সাংবাদিক পৰাশৰৰ নিগ্ৰহৰ ঘটনা সন্দৰ্ভত আদালতত প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে উটমাৰ পক্ষৰ পৰা এজন অধিবক্তা নিয়োজিত কৰাৰো সিদ্ধান্ত লয় আজিৰ এই প্ৰতিবাদী সভাই ‌। সভাই লগতে সিদ্ধান্ত লয় যে সাংবাদিক নিগ্ৰহৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াই দাবী জনাবলৈ উটমাৰ এটা সজাতি দলে অচিৰেই লগ কৰিব । লগতে সাংবাদিক নিগ্ৰহৰ এনে প্ৰতিকূল সময়ত সাংবাদিক পৰাশৰ তথা সাংবাদিক সকললৈ সহমৰ্মিতা প্ৰকাশ কৰা সকলো সংস্থা তথা ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উটমাই ।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *