Sunday , April 5 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ তলত আন তিনি মুল অপৰাধী।

পঙ্কজ নাথ, চাংসাৰি, ১৬ জানুৱাৰী :

ৰাজ্যত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিমানদূৰ সুৰক্ষিত । ৰাজ্যত এটাৰ পাছত আন এটা সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হয় আৰু অপৰাধী একাংশ সাৰিও যায় । আমিন গাওঁ আজ্ঞাঠুৰীত ২৩ নবেম্বৰত সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ দুমাহ হৈ গল কিন্তু অপৰাধী এতিয়াও মুকলি আকাশৰ তলত । চাৰি দুৰ্বিত্তই আজ্ঞাঠুৰীত কৰ্তব্যৰত দুই সাংবাদিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মোবাইল ফোন আৰু কেমেৰা কাঢ়ি নিছিল আৰু সাংবাদিক আক্ৰমণৰ দুমাহ পাছত আমিন গাওঁ আৰক্ষীয়ে আটক কৰিলে মাত্ৰ এজন মূল অভিযুক্ত মইনুল আলিক । কামৰূপ শিঙিমাৰীৰ পথৰ পৰা মেজিক ভানসহ আটক কৰে মইনুল আলিক। নিজা মেজিক লৈ জুৱা খেলিবলৈ আহোতে দদৰা আৰক্ষীয়ে আমিন গাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে মইনুল আলিক । ১৫ জানুৱাৰীৰ সন্ধিয়া আটক হোৱা মইনুল আলিক আজি কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত আজিৰৰ পাছত জেইল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
আমিন গাওঁ সাংবাদিক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত জোন আলি , ৰাহুল আলি আৰু নেকিব আলি এতিয়াও মুকলি আকাশৰ তলত । অভিযুক্ত সকলে উচ্চ ন্যায়ালয়ত তৰা জামিন আবেদন নাকচ হোৱাৰ পাছৰে পৰা বিপাঙত পৰি পলাতক অৱস্থাত আছে । ইফালে আৰক্ষীৰ খোপাধিলা স্হিতিক লক্ষ্য কৰি সাংবাদিক আক্ৰমণকাৰীক আৰক্ষীয়ে ৰক্ষণা বেক্ষণ দি লুকুৱাই ৰখাৰ অভিযোগ উৎথাপন কৰিছে নিৰ্যাতিতা সাংবাদিকদ্বয়ে । ঘটনাৰ দুমাহ পিছতো আক্ৰমণকাৰীৰ সন্ধান উলিয়াব নোৱাৰাতো আৰক্ষীৰ দুৰ্বলতা নহয়, বৰঞ্চ এয়া কামৰূপ আৰক্ষীৰ চকুমুদা কুলীৰ ভাও বুলি দোহাৰে সাংবাদিক ৰন্টু বৈশ্যই । পলাতক আচামীক জুৱাখেলৰ পৰা আটক কৰা ঘটনাৰ পৰাই আৰক্ষীৰ চৰিত্ৰ ষ্পষ্ট হৈছে বুলি দোহাৰে সাংবাদিক গৰাকীয়ে । ১৫ জানুৱাৰীত মুল চাৰি অভিযুক্তৰ এজনক গ্ৰেপ্তাৰৰ পিছতে ভোক্তাভোগী সংবাদিক দুয়ো গৰাকীৰ লগতে কেইবাটাও সাংবাদিক সংগঠনে আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনক পলাতক অপৰাধীক অতি শীঘ্ৰে আটক কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যদা ৰক্ষাৰ দাবী কৰে।

About Staff Reporter

চাব পাৰে

লায়ন্স ক্লাৱ গুৱাহাটীৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

  ষ্টাফৰিপৰ্টাৰ,,,,২ এপ্ৰিল।।।আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ …

Leave a Reply

Your email address will not be published. Required fields are marked *