Sunday , January 19 2020
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / সামৰণি পৰিল তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ

সামৰণি পৰিল তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ

সামৰণি পৰিল তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ

সাত দিনত ১৪ হাজাৰ কলানুৰাগীৰ সমাগম

চলচ্চিত্ৰৰ নামত জাংফুড দৰ্শকক উপহাৰ দিব নালাগে–ডঃ মোহন আগাচী

ষ্টাফৰিপৰ্টাৰ, ৬ নৱেম্বৰ : তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বুধবাৰে সামৰণি পৰে। বিগত সাত দিন ধৰি উদুলি মুদুলি হৈ পৰা কলাক্ষেত্র আৰু জ্যোতি চিত্ৰবনৰ বাকৰি বুধবাৰে নিজম পৰে। চলচিত্ৰানুৰাগীৰে ঠাহ খাই থকা এই মহোৎসৱৰ জৰিয়তে বহু সুন্দৰ অভিজ্ঞতা লৈ উভতিল অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ বহু প্ৰতিনিধি, ৰাষ্ট্ৰদূত,বিশ্ববিশ্ৰুত চলচ্চিত্ৰ পৰিচালক, শিক্ষাৰ্থী। বুধবাৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, পদ্মশ্ৰী ডঃ মোহন আগাচীয়ে কয় ” চলচ্চিত্ৰ ভাল আৰু বেয়া দুই ধৰনৰ হব পাৰে। চলচ্চিত্ৰৰ নামত জাঙ ফুড দৰ্শকক উপহাৰ দিব নালাগে। মনোঞ্জনৰ নামত সঠিক তথ্য নিদি কেৱল মচলাৰ জৰিয়তে যি চলচ্চিত্ৰ উপহাৰ দিয়া হয় সেয়া স্বাস্থ্য সন্মত নহয়। যি খাদ্যক সোৱাদ কৰিবলৈ অধিক মছলা দি ৰন্ধা হয় সি কেতিয়াও স্বাস্থ্য সন্মত হ’ব নোৱাৰে। সেইদৰে চলচ্চিত্ৰ এনেকুৱা হ’ব লাগে যি দৰ্শকে উপভোগ কৰাৰ পিছতো অলপ সময় বহি চলচ্চিত্ৰ খনৰ কথা চিন্তা কৰিব লগীয়া হয়। সেয়াহে প্ৰকৃত চলচ্চিত্ৰ। এখন ভাল চলচ্চিত্ৰত প্ৰকৃত তথ্য পোৱা যায়। নীৰৱতাৰ মাজতো শব্দ থাকে। প্ৰতিটো অঞ্চল, প্ৰতিখন দেশৰ বাবে চলচ্চিত্ৰ পৰিচালকৰ বিশেষ ভূমিকা থাকে। আমাৰ আনুষ্ঠানিক শিক্ষা পাঠ্য পুথিৰ মাজতে সীমাবদ্ধ থাকে। পাঠ্যপুথি পঢ়া যথেষ্ট কষ্টকৰ।আমাক পাঠ্যপুথি পঢ়িবলৈ এবছৰ সময়ৰ প্ৰয়োজন হয় আৰু এখন উপন্যাস এদিনতে পঢ়ি শেষ কৰিব পৰা যায়। আমাৰ যোগাযোগৰ মাধ্যম হৈছে ভাষা। আমাৰ দেশত লিখিব পঢ়িব নজনা মানুহ বহুত আছে যাৰ বাবে দৃশ্য শ্ৰৱ্য মাধ্যমে বিশেষ ভূমিকা পালন কৰি আছে। ” তেওঁ লগতে অনাতাঁৰ মাধ্যমৰ ভূমিকা আৰু নিৰ্বাক চলচ্চিত্ৰৰ পৰা আৰম্ভ কৰি ডিজিটেল পৰ্যায় পোৱাৰ কথাও উল্লেখ কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৱাহাতীষ্ঠ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত শ্বাস মহম্মদ তনৱীৰ মনচুৰে কয় ” চলচ্চিত্ৰই সমাজ পৰিৱৰ্তনত বিশেষ ভূমিকা গ্ৰহণ কৰে। দেশ বিভাজন হ’ল যদিও ভাৰত বাংলাদেশৰ মাজত সুসম্পৰ্ক গঢ়ি তোলাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীযে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এইবাৰ আগন্তুক বছৰত কেৱল অসম আৰু বাংলাদেশৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে এখন মহোৎসৱৰ আয়োজন কৰাৰ বাবে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে আলোচনা কৰা হৈছে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰচেষ্টাৰ বাবে অসমৰ চলচ্চিত্ৰ উদ্যোগে আজি এই পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি আৰ্জেন্টিনাৰ আম্বেশ্বাদৰ ডেনিয়েল চুবুৰুয়ে কয় ” বিগত বর্ষতো এই মহোৎসৱলৈ আহিছিলোঁ এইবাৰো আহিছোঁ। মহোৎসৱৰ দিনক দিনে সফলতাৰ দিশে আগবাঢ়ি গৈছে। আমাৰ চলচ্চিত্ৰ সমূহ আঁকোৱালি লোৱা বাবে দৰ্শকক ধন্যবাদ জনালোঁ।’জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি ভাষণত কয় ” এইবাৰ ৭ হাজাৰ চিত্ৰানুৰাগীয়ে নাম পঞ্জীয়ন কৰাৰ লগতে মহোৎসৱৰ সাত দিনত প্ৰায় ১৪ হাজাৰ দৰ্শকৰ সমাগম ঘটে। সফলতাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।” অনুষ্ঠানত ফেষ্টিভেল ডাইৰেক্টৰ মণিতা বৰগোহাইয়ে মহোৎসৱ ৬৫ খন দেশৰ শতাধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰে।” সামৰণী অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা লিনাদ দুকেক, ডাঃ সান্তনা বৰদলৈ, ইউনিছে ৰছেল, এ কে বীৰ, আবু চায়েড, আদি উপস্থিত থাকে। এই অনুষ্ঠানত শ্ৰেষ্ঠ চুটি ছবিৰ পুৰস্কাৰ লাভ কৰে ধ্ৰুৱজ্যোতি দাসৰ “আহাৰৰ দুপৰীয়াই’। আনহাতে জুৰীৰ বিশেষ বঁটা লাভ কৰে দিচ ইজ লাইফ আৰু চোনপাপৰিয়ে। আনহাতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্রতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ অৰ্জুন দত্ত আৰু শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰে মাৰাঠী চলচ্চিত্ৰ ডিয়েৰ মলীয়ে।জুৰীৰ বিশেষ বঁটা লাভ কৰে সুমিত্ৰা ভাৱে ৰ চলচ্চিত্ৰ চিন দি চিন আৰু জুৰীৰ বিশেষ বঁটা গাৰো ভাষাৰ চলচ্চিত্ৰ মা আমা আৰু ৰজনী বাসুমতাৰীৰ জাইবে।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *