Saturday , March 23 2019
Home / সাহিত্য / সাহিত্য অকাডেমী বঁটা ঘোষণা

সাহিত্য অকাডেমী বঁটা ঘোষণা

ষ্টাফৰিপৰ্টাৰ, ৫ ডিচেম্বৰ, সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছে। সনন্ত তাঁতিলৈ ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে। বড়ো ভাষাৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য অকাডেমী। ডৌংছে লামা’ গ্ৰন্থৰ বাবে বসুমতাৰীলৈ এই বঁটা। আনহাতে মুখ্যমন্ত্ৰী সৰ্বনন্দ সোনোৱালে এক বিবৃত্তি যোগে কয় “অসমীয়া ভাষাৰ বাবে বিশিষ্ট কবি সনন্ত তাঁতি আৰু বড়ো ভাষাৰ বাবে ঋতুৰাজ বসুমতাৰীয়ে ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সঁচাকৈয়ে অসমবাসীৰ বাবে এয়া আনন্দৰ মুহূৰ্ত। দুয়োগৰাকী সাহিত্যিকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
এইদৰেই ন ন সৃষ্টিৰে তেওঁলোকে অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰি যাব বুলি আশা ৰাখিছোঁ।”

About Staff Reporter

চাব পাৰে

“অৰ্গানন’ শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,১৭ফেব্ৰুৱাৰী,,”হোমিঅ’পেথিক চিকিৎসা সম্পৰ্কে আমাৰ জ্ঞান সীমিত,আমি তাৰ বিষয়ে জনা উচিত। এলোবেথিক চিকিৎসা আজিকালি …

Leave a Reply

Your email address will not be published. Required fields are marked *