সাহিত্য ক্ষেত্ৰত চৰাইদেউৰপৰা নতুন সংযোজন “প্ৰচেষ্টা”
গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা স্মৃতি দিবসত উন্মোচন হ’ল প্ৰচেষ্টা মাহেকীয়া আলোচনী
চৰাইদেউৰপৰা অভিজিৎ ভূঞা , ৮ জুন : অসমীয়া সাহিত্যৰ পথাৰখনত চৰাইদেউৰ অৱদান বহুত। গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকনৰ দিনৰপৰা বৰ্তমান সময়লৈকে চৰাইদেউ জিলাৰ বহু লেখক-লেখিকাই অসমীয়া সাহিত্যৰ পথাৰখন চহকী কৰি আহিছে। এই মন্তব্য চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ। গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিবসত দুখনকৈ গ্ৰন্থ উন্মোচন কৰি এনেদৰে কয় চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে। উল্লেখ যোগ্য যে অসমীয়া গীতি সাহিত্য জগতৰ পুৰুধা ব্যক্তি গীতিকবি পার্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসটি ৭ জুনত চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত, সোণাৰি শাখা সাহিত্য সভা আৰু সোণাৰি জুনিয়ৰ কলেজৰ আতিথ্যত তথা ‘আকৌ নতুন প্ৰভাত হ’ব” আৰু খগেন গগৈ সোঁৱৰণী আৰোহন সংগীত বিদ্যা নিকেতনৰ সহযোগত নতুন চিন্তা চেতনাৰে দিনজোৰা বৈচিত্ৰপূর্ণ কার্যসূচীৰে সোণাৰিত অনুষ্ঠিত কৰা হয়। এই দিৱসৰ কাৰ্যসূচী অনুসৰি স্মৃতি দিৱসৰ পুৱা গীতিকবিৰ সমাধিত স্মৃতি তর্পণ অনু্ষ্ঠানটোৰ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে ৷ পুৱা ন বজাত সোণাৰি জুনিয়ৰ কলেজ প্ৰাংগনত অনুষ্ঠিত হোৱা মুল কার্যসূচীৰ পূর্বে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি ৰতিপ্ৰভা গগৈয়ে৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা আৰু পার্বতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে বিশিষ্ট লেখক ডিম্বেশ্বৰ গগৈৰ পার্বতি সংগীতৰ ইংৰাজীলৈ অনুদিত গ্ৰন্থ আৰু আর্থসামাজিক শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক উন্নয়নমুলক মঞ্চ ‘প্ৰচেষ্টা”ৰদ্বাৰা যুৱ সাংবাদিক অভিজিৎ ভূঞাৰ সম্পাদনাত প্ৰকাশিত মাহেকীয়া আলোচনী “প্ৰচেষ্টা” উন্মোচন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে। সন্ধিয়ালৈ নাফুক গ্ৰান্তৰ ডিপু সেউজী গাঁওত অনুষ্ঠিত হয় গীতিকবিৰ অপূর্ব সৃষ্টি জোনাকী মেল৷ জিলাখনৰ আটাইবোৰ শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাই অংশগ্ৰহন কৰা এই স্মৃতি দিৱসৰ প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচীত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনে অধিক আকৰ্ষণীয় কৰি তোলে প্ৰতিটো কাৰ্যসূচী। ইফালে সোণাৰি নগৰস্থিত গীতিকবি উদ্যানত সোণাৰিৰ অগ্ৰণী অনুষ্ঠান সমলয় গোষ্ঠীয়ে গীতিকবিৰ স্মৃতি দিবসৰ কাৰ্যসূচী অনুষ্ঠিত কৰি গীতিকবি পার্বতি প্ৰসাদ বৰুৱালৈ শ্ৰদ্ধা নিবেদন কৰে।