Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সুভাইঝাৰত মেগা স্বাস্থ্য শিবিৰ সম্পন্ন

সুভাইঝাৰত মেগা স্বাস্থ্য শিবিৰ সম্পন্ন

চিৰাঙৰ সুভাইঝাৰত মেগা স্বাস্থ্য শিবিৰ সম্পন্ন

বঙাইগাঁওঃ ১৬ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিৰাং জিলা সমিতিৰ উদ্যোগত সোমবাৰে জিলাখনৰ বেংতলৰ সুভাইঝাৰস্থিত ভি চি ডি চিৰ কাৰ্যালয় প্ৰাংগণত এক মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ প্ৰতিকূল বতৰৰ মাজতো স্বাস্থ্য পৰীক্ষা শিবিৰত চাৰিজন চিকিৎসকে ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰে ৷ চিকিৎসা শিবিৰত মূলতঃ বিগত বানপানীৰ ফলত বৰ্তমানেও দাদাবিল গাঁৱৰ পৰা সুভাইঝাৰ সামূহিক ভৱনত আশ্ৰয় লৈ থকা আশ্ৰয় শিবিৰৰ ৩৫৯ জন লোকৰ লগতে স্থানীয় গাঁওবাসী লোকেও চিকিৎসা সেৱা গ্ৰহণ কৰে ৷ শিবিৰত চিৰাঙৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দ্বিজেন্দ্ৰ ৰামছিয়াৰী, জিলা সদৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত মৌপিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা মিডিয়া বিশেষজ্ঞ ময়েজউদ্দিন আহমেদসহ বিষয়া-কৰ্মচাৰী, নাৰ্ছ , টেকনিছিয়ান উপস্থিত থাকে

About Staff Reporter

চাব পাৰে

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

*ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান* প্ৰতিবেদক,ৰঙিয়া …

Leave a Reply

Your email address will not be published. Required fields are marked *