Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৪ আগষ্ট।।। আপকাৰ্ড বিজিনেছ প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড তথা সৈন্য অৰ্ধ সামৰিক বাহিনীৰ বাবে এয়াৰ ট্ৰেভেল অনলাইন পোর্টেল উড়চলোৱে নিজা প্লেটফৰ্মৰ জড়িয়তে সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ অয়’ আৰু ফেব হোটেলৰ সৈতে শেহতীয়াকৈ চুক্তিবদ্ধ হৈছে। ইয়াৰ জৰিয়তে উড়চলোৱে নতুন সেৱা হোটেল প্ৰদানৰ মাধ্যমেৰে এতিয়া ভাৰতীয় সেনা বাহিনী, অৰ্দ্ধ সামৰিক বাহিনী, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়াললৈ বিনামূলীয়া সুবিধা মাছুলেৰে এক্সক্লুছিভ অ’ফাৰ প্ৰদান কৰিব।এই সন্দৰ্ভত উড়চলোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ জৈনে কয়-“আমাৰ কোম্পানীয়ে বছৰসমূহত এয়াৰলাইন ব্যৱসায়ত আশাপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ শেহতীয়া অংশীদাৰিত্বতৰ জৰিয়তে অয়’ আৰু ফেব হোটেলছৰ ইনভেণ্টৰী আমাৰ ট্ৰেভেল প্লেটফৰ্মৰ সৈতে জড়িত হৈ পৰিব আৰু উড়চলোৰ মুঠ হোটেল ইনভেণ্টৰীত দেশৰ ডাঙৰ চহৰ আৰু নগৰত ১১,৫০০ ৰো অধিক হোটেল সংযুক্ত হৈ পৰিব”। আনহাতে, ফেব হোটেলছৰ হেড- চেণ্ট্ৰেল ইনিচিয়েটিভ শুভম ত্যাগীয়ে কয়”-আমি অতিশয় আনন্দিত যে, আমি উড়চলোৰ সৈতে অংশীদায়িত্বৰে সুৰক্ষা কৰ্মীসকললৈ আমাৰ সেৱা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ”। উল্লেখযোগ্য যে, ফেব হোটেল হৈছে ভাৰতৰ ৩ তাৰকাযুক্ত বাজেটৰ হোটেলৰ নেটৱৰ্ক যাৰ মুখ্য কাৰ্যালয় গুৰুগ্রামত আছে আৰু ইয়াৰ লগত চুক্তিবদ্ধ হোৱা উড়চলোৰ গুৱাহাটীৰ কাৰ্যালয় পিআৰএছ সাতগাঁওৰ নিকটৱৰ্তী নাৰেংগী কেন্টনমেণ্টত অৱস্থিত।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *