Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / সাহিত্য / স্বাস্থ্য বিষয়ক গ্ৰন্থ উন্মোচন

স্বাস্থ্য বিষয়ক গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপোৰ্টাৰ,,,, ২৬ মে।।। সুস্থ জীৱন যাপন কৰাৰ বাবে সকলোকে এক সুস্থ শৰীৰৰ প্রয়োজন। এই উদ্দেশ্য আগত লৈ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ তিনিগৰাকী চিকিৎসক ক্ৰমে, ডাঃ খগেন বসুমতাৰী, ডাঃ চুমি ভট্ট আৰু ভিক্টৰিয়া বড়োৰ “ৰোগৰ পথ্য আৰু অপথ্য” শীৰ্ষক এখন উচ্চ মানৰ গ্ৰন্থ অনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ক্ৰমে উত্তৰ- পূব আয়ুৰ্বেদ আৰু হোমিঅ’পেথিক অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰদীপ গোস্বামী, অসম পৰ্যটন বিভাগৰ তথ্য বিষয়া ডঃ বিদ্যাৰ্ণব বৰা আৰু গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ পূৰ্ণ ভট্টই। ভাষণ প্ৰসংগত ডঃ প্ৰদীপ গোস্বামীয়ে কয়-“আজি বহুত আনন্দৰ দিন। আজি এখন উৎকৃষ্ট গ্ৰন্থ উন্মোচন হৈছে, যিখনে অসমৰ লগত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন উল্লেখযোগ্য গ্ৰন্থ হিচাপে বিবেচিত হ’ব। আগলৈকেও এনেকুৱা গ্ৰন্থ প্ৰকাশ পাব বুলি মই আশা কৰিলোঁ”।” আনহাতে, আন এগৰাকী উন্মোচক ডঃ পূৰ্ণ ভট্টই কয়-“চিকিৎসা সাহিত্যলৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে। সন্মিলিত গ্ৰন্থখনত সুন্দৰ ভাৱে পথ্য অপথ্য এই দুয়োটা দিশ অবলোকন কৰা হৈছে। পঞ্চাশ বছৰৰ পিছৰ মানুহখিনিৰ বাবে এইখন পুথি খুৱ গুৰুত্বপূৰ্ণ হ’ব। সকলোৱে যাতে গ্ৰন্থখন আঁকোৱালি লয় তাকেই কামনা কৰিলোঁ”। আনহাতে ডঃ বিদ্যাৰ্ণব বৰাই চমু শুভেচ্ছামুলক ভাষণ আগবঢ়াই গ্ৰন্থখনৰ লগত জড়িত সকলক ধন্যবাদ জ্ঞাপন কৰে। চন্দ্ৰমা ভট্টই আঁত ধৰা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভবেশ দাসে সভাপতিত্ত্ব কৰা উক্ত অনুষ্ঠানতটিত কেইবাগৰাকীও আয়ুৰ্বেদিক চিকিৎসক আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। গ্ৰন্থ খনৰ প্রকাশক অপূৰ্ব কলিতাইও সভাত অংশগ্ৰহণ কৰে। গ্ৰন্থ খন এম আৰ পাব্লিকেছনে প্ৰকাশ কৰি উলিয়াইছে।

About Staff Reporter

চাব পাৰে

“উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১ জুন।।।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু পূৰ্বাঞ্চল প্ৰকাশৰ সহযোগত শনিবাৰে গুৱাহাটী …

Leave a Reply

Your email address will not be published. Required fields are marked *