Thursday , April 25 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / স্বৰ্ণকন্যা হিমাক আদৰণি

স্বৰ্ণকন্যা হিমাক আদৰণি

 

ষ্টাফৰিপোৰ্টাৰ, ৭ছেপ্টেম্বৰ, স্বৰ্ণকন্যা হিমাক আদৰণি জনাবলৈ আজি বিমানবন্দৰত ট্ৰেকৰ আৰ্হিত কাৰ্পেটিং দিয়া হয়। দিনৰ ১ বজাত স্পাইচজেটৰ বিমানেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’য় হিমা। বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনালে হিমাক।বৰঝাৰ বিমানবন্দৰৰ পৰা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰলৈ হিমাক লৈ বিশাল শোভাযাত্ৰা। সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে সৰুসজাইলৈ ৰাওনা স্বৰ্ণকন্যা হিমা। বিমানবন্দৰৰ বাহিৰত হিমাক আদৰণি জনাবলৈ দল-সংগঠনৰ লগতে অসংখ্য শুভাকাংক্ষীৰ ভিৰ। বিয়লি ৫ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত ৰাজ্যিক মৰ্যাদাৰে হিমাক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰদান কৰা হয় ৰাজ্য চৰকাৰে আগবঢ়োৱা ১ কোটি ৬০ লাখ টকাৰ পুৰস্কাৰ। অনুষ্ঠানত উপস্থিত থাকে সকলো মন্ত্ৰী-বিধায়কৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাও।
দুৰন্ত খেলেৰে বিশ্ববাসীৰ হৃদয় জয় কৰা, হিমা দাসক বিভিন্ন দল-সংগঠন, ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আদৰণি জনালোঁ।
২০ বছৰ অনূৰ্ধ বিশ্ব এথলেটিকছ্ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰপৰা আৰম্ভ কৰি এছিয়ান গেমছত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাৰ পাছত হিমাই মাতৃভূমিত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱাত আমি সকলো উৎফুল্লিত হৈ পৰিছোঁ বুলি কয় মুখ্যমন্ত্ৰী যে।

About Staff Reporter

চাব পাৰে

ৰিপুণ বৰাৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ …

Leave a Reply

Your email address will not be published. Required fields are marked *